Silapather News: চিলাপথাৰৰ অকাজানত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

‘কংগ্ৰেছ দলে এতিয়াৰ পৰা হাতৰ সলনি লুঙী আৰু টুপীৰ চিনত নিৰ্বাচন খেলক৷ কাৰণ কংগ্ৰেছ দলে কেৱল লুঙি, টুপী আৰু সূতা চিনি পায়’৷ (Silapather News) এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে জোনাই বিধানসভা সমষ্টি অকাজানত অনুষ্ঠিত এক বিশাল জনসভাত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে৷ উল্লেখ্য যে চিলাপথাৰৰ অকাজন হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ল পঞ্চায়ত নিৰ্বাচনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা৷ ছল্লিশ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত বিশাল সভাখনত ভাষণ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক পেন্সন, ১০ হাজাৰ টকাৰ এককালীন সাহায্য, ছাত্ৰীসকলক নিযুত মাইনা, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলক নগদ ধন, বয়স্কসকলক পেন্সন আদি বহু জনহিতকৰ আঁচনিৰ কথা ব্যক্ত কৰে৷

একেদৰে বিদু্যৎ মাচুল আৰু ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা আদি বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰে৷ ইপিনে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰলৈ আহি মঞ্চত ভাষণ প্ৰদান কৰাৰ লগে লগে এডাল সাপ দেখা বিষয়টোক লৈ উৎফুল্ল হৈ পৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ প্ৰচাৰৰ দিনাই দেখা দিয়া এইডাল সাপ নহয়৷ খোদ মহাদেৱ আহিছে৷ গতিকে বিজেপিক কোনেও ৰাখিব নোৱাৰে বুলি কয়৷ সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাই গ্ৰামাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাত চৰকাৰক সহযোগ কৰিবলৈ তেওঁ আহ৩ান কৰে৷ জনাকীৰ্ণ সভাখন অনুষ্ঠিত কৰাত পৃষ্ঠপোষকতা কৰা সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, প্ৰাক্তন বিধায়ক ৰিতুপৰ্ণ বৰুৱা, মিচিং পৰিষদৰ প্ৰমুখ পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী পৰিষদৰ প্ৰমুখ টংকেশ্বৰ সোণোৱাল, অগপ নেতা লক্ষীধৰ শেনচোৱা, দেউৰী পৰিষদৰ প্ৰমুখ ভৈৰৱ দেউৰী আদিৰ লগতে মিত্ৰদলৰ সকলো নেতা-কৰ্মী উপস্থিত থাকে৷ ইফালে মুখ্যমন্ত্ৰীৰ সভাত বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহীক অৱজ্ঞা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷

বড়ো ৰাইজে জনোৱা মতে বিশাল ৰাজনৈতিক সভাৰ মঞ্চত অন্যান্য অতিথিৰ লগতে বিৰাজমান আছিল পৰিষদৰ প্ৰমুখ বসুমতাৰী৷ পোনতে সভাত ভাষণ আগবঢ়ালে সাংসদ প্ৰদান বৰুৱাই৷ মঞ্চত থকা সোণোৱাল কছাৰী, দেউৰী, মিচিং আদি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ নাম সম্বোধন কৰিলে বৰুৱাই৷ কিন্তু এবাৰ উচ্ছাৰণ নকৰিলে মিহিনিশ্বৰ বসুমতাৰীৰ নাম৷ তাৰ পিছতে ভাষণ দি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও নল’লে বসুমতাৰীৰ নাম৷ পেগুৰ পিছতে দীঘলীয়া ভাষণ আৰম্ভ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মন্ত্ৰী, সাংসদ, বিধায়কৰ পৰা দলৰ মণ্ডল সভাপতিলৈকে বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীৰ নাম সম্বোধন কৰিলে৷ পিছে মুখ্যমন্ত্ৰীৰ মুখতো উচ্ছাৰিত নহ’ল বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনিশ্বৰ বসুমতাৰীৰ নাম৷ ইয়াকে লৈ বড়ো সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চক্ৰান্তমূলকভাৱে বড়ো পৰিষদৰ মুৰব্বী তথা বলিষ্ঠ নেতাজনৰ নাম বাদ পেলাই অপদস্থ কৰা বুলি খেদ প্ৰকাশ কৰিছে সচেতন মহলে৷

Related Articles