Breaking

ৰূপালীজয়ন্তী বৰ্ষ গৰকা একটিং একাডেমী : ডিমৌৰ নাট্য যাত্ৰাত নাট্যশ্ৰী প্ৰশান্তজিৎ চেতিয়া

0 2,126

অসমৰ নাট্য জগতৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পয্যায়ত নাট্য প্ৰতিভাৰে অসম তথা শিৱসাগৰ জিলালৈ বিভিন্ন সময়ত বিভিন্ন ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই অনা ডিমৌ অঞ্চলৰ একমাত্ৰ ব্যতিক্রমী মনৰ ব্যক্তিজনেই হল প্ৰশান্তজিৎ চেতিয়া ৷ বহুকেইটা ৰাষ্ট্ৰীয় সন্মানেৰে বিভুষিত প্ৰশান্তজিৎ চেতিয়া একেধাৰে এগৰাকী নাট্য সংগঠক, নাট্যকাৰ, পৰিচালক আৰু সু-অভিনেতা ৷ ৮০ আৰু ৯০ দশকেত তেখেতৰ ৰচিত একাংকিকা নাট “ইতিহাসত তেজৰ চেকা”, “ফাচী”, “এজন নাট্যকাৰ সন্ধানত”, “বৃত্তৰ ভিতৰত আমি”, “নাটক কৰো আহক” আদিয়ে সেই সময়ত অসমত অনুষ্ঠিত হোৱা নাট প্ৰতিযোগিতা সমুহত বিপুল ভাৱে সমাদৰ লাভকৰিবলৈ সক্ষম হৈছিল ৷ নাটকৰ প্ৰতি দুৰন্ত নিচা থকাৰ বাবেই ১৯৯৫ চনত, গুৱাহাটীৰ অসম অভিনয় প্ৰতিষ্ঠানত আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ইন্দ্ৰ বনিয়াদেৱৰ তত্ত্বাৱধানত নাট্য শিক্ষা গ্ৰহণ কৰি ডিমৌত নিজাববীয়াকৈ আৰম্ভ কৰে নাট্য শিক্ষাৰ প্ৰতিস্থান – একটিং একাডেমী: ডিমৌ ৷ এই প্ৰতিস্থানৰ উদ্যোগত প্ৰশান্তজিৎ চেতিয়াই ১৯৯৫ চনত আৰম্ভ কৰে অসমৰ নিৰ্বাচিত মুঠ ২০০ প্ৰশিক্ষাৰ্থীৰ সমাবেতৰে এক তিনিমহীয়া আৱাসিক নাট্য কৰ্মশালা ৷ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে ইন্দ্ৰ বনিয়া দেৱ থকাৰ উপৰিও অন্যান্য প্ৰশিক্ষক হিচাপে অসমৰ বহু বৰেণ্য নাট্য কৰ্মীয়ে সহযোগ আগবঢ়াই ৷ সেই সকলৰ ভিতৰত অন্যতম আছিল নেত্ৰকাই খ্যাত অৰুন হাজৰিকা, খ্যাতনামা নাট্যকাৰ পৰিচালক দীপক ভুঞা, সুদক্ষ পৰিচালক পবিত্ৰ মহন ফুকন, বিশিষ্ট সংগীতজ্ঞ ড° অনিল শইকীয়া, অভিনেতা অসীম কৃষ্ণ বৰুৱা আদিয়ে ৷  সেই তিনিমহীয়া নাট্য কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ইন্দ্ৰ বনিয়া আৰু প্ৰশান্তজিৎ চেতিয়াৰ পৰিচালনাত সফলতাৰে মঞ্চস্থ কৰে পদ্মনাথ গোহাঞি বৰুৱাৰ টেটুন তামুলী আৰু ফনী শৰ্মাৰ ভোগজৰা ৷ সেয়াই আছিল আৰম্ভণি ৷ আজি একটিং একাডেমী ডিমৌৱে নিৰিবিচিন্ন নাট্য কৰ্মৰে সুদীৰ্ঘ ২৫ বছৰ অতিক্ৰম কৰি ৰূপালীজয়ন্তী বৰ্ষ অতিক্রম কৰিলে ৷ এই সুদীৰ্ঘ নাট্য যাত্ৰাত একটিং একাডেমীৰ সৌজন্যত প্ৰশান্তজিৎ চেতিয়াই উজনি অসমৰ বিভিন্ন প্ৰান্তত শতাধিক নাট্য প্ৰশিক্ষাৰ্থীক সমাবেত কৰি সমাপন কৰিলে বহু নাট্য কৰ্মশালাৰ ৷ তাৰ ভিতৰত নাহৰকটীয়া, ৰাজগড়, বকতা, পালেঙী, চেপন, গৌৰিসাগৰ হাতীঘুলী আদি অন্যতম ৷ তাৰোপৰি ডিমৌ অঞ্চলতো বহবাৰ নাট্যকৰ্মশালা সফলতাৰে আয়োজন কৰে ৷ এই নাট্য কৰ্মশালা সমুহত প্ৰশিক্ষকৰ দায়িত্বত প্ৰশান্তজিৎ চেতিয়াৰ ওপৰিও খ্যাতনামা অভিনেতা ইন্দ্ৰ বনিয়া, অৰুন হাজৰিকা, দীপক ভুঞা, ড° অনিল শইকীয়া, অসীম কৃষ্ণ বৰুৱা, ৰাজেন হাজৰিকা আদিয়ে সহযোগ আগবঢ়াই ৷ প্ৰতিটো কৰ্মশালাতেই অতি সফলতাৰে প্ৰশান্তজিৎ চেতিয়াৰ পৰিচালনাত টেটুন তামুলী আৰু ভোগজৰা সফল ভাৱে মঞ্চস্থ হয় ৷ ইয়াৰোপৰি একটিং একাডেমীৰ সৌজন্যত প্ৰশান্তজিৎ চেতিয়াই ডিমৌত আয়োজন কৰে  খ্যাতনামা শিল্পী দিলীপ শৰ্মা আৰু সুৰ্দশিনা শৰ্মাৰ পৰিচালনাত জোতি সংগীত কৰ্মশালা, আউনীআটী সত্ৰ আৰু অসম সত্ৰ মহাসভাৰ তত্ত্বাৱধানত বহুকেইটা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালা, বিশিষ্ট বনগীতৰ শিল্পী হেম দত্তৰ পৰিচালনাত বনগীতৰ কৰ্মশালা , বহকেইটা শিশু নাটৰ কৰ্মশালা ৷ এই একটিং একাডেমীৰ তত্ত্বাৱধানতেই বিশিষ্ট লোক শিল্পী ওজা নিত্যা বৰুৱাৰ সহযোগত প্ৰশান্তজিৎ চেতিয়াই আজি ২০ বছৰ ধৰি অসমৰ বিভিন্ন খ্যাতিৱন্ত লোক শিল্পীক লৈ ডিমৌত আয়োজন কৰি আহিছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা ৷ডিমৌৰ পৰা প্ৰথম বাৰৰ বাবে বহকেইখন টেলিফ্লিম, ভিডিঅ ফিল্ম নিৰ্মাণ কৰি তেখেতে স্ব প্ৰতিভাৰ পৰিচয় দি আহিছে ৷ গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ প্ৰথমখন মেগা চিৰিয়েল ককাদেউতাৰ হাড়ৰ কলা নিৰ্দেশনাৰ কামো টিও সফলতাৰে সমাপন কৰিছিল ৷ এই একটিং একাডেমীৰ হৈ প্ৰশান্তজিতে উৰিয্যা, দিল্লী, মথুৰা, কলিকতা, পুনে আদিত অনুষ্ঠিত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় নাট প্ৰতিযোগিতা আৰু সমাৰোহত অংশ গ্ৰহন কৰি বহুবাৰ অসমলৈ ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ৷ ২০০৪ চনত উৰিয্যাৰ কটকত থিয়েটাৰ মুভমেণ্ট অৱ ইণ্ডিয়াই আয়োজন কৰা আন্তৰাষ্ট্ৰীয় নাট সমাৰোহত “ বেষ্ট থিয়েটাৰ পাৰচনেলেটি অৱ ইণ্ডিয়া” আৰু ২০০৫ চনত ৰাষ্ট্ৰীয় পয্যায়ত নাটকৰ সৰ্বোচ্চ সন্মান “ নাট্যশ্ৰী” প্ৰদান কৰে ৷ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগতে ভাৰতৰ বিভিন্ন নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠতৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰশান্তজিৎ চেতিয়াৰ ৰচিত আৰু পৰিচালিত শিশু নাট সমুহ হল – ৰং, সপোন, সপোন আহে পাখিমেলি, সত্যম শিৱম সুন্দৰম, ধেমালিতে নাটক আদি ৷ তাৰোপৰি  অসমৰ বিভিন্ন মঞ্চত আজিৰ তাৰিখতো সমাদৃত তেখেতৰ ৰচিত পুনাংগ নাটক সমুহ হল – পাপী দেৱতা, কাল ধুমুহা, সপোন ভঙাৰ গান, গুপ্তঘাটক, মহানায়ক আদি ৷ বৰ্তমানলৈকে অৰ্দ্ধ শতাধিক নাটকৰ পৰিচালনা কৰা প্ৰশান্তজিৎ চেতিয়া অসম নাট্য সন্মিলন শিৱসাগৰ জিলাৰ বৰ্তমানৰ প্ৰধান সম্পাদক ৷ ডিমৌ অঞ্চলৰ আলুন নগৰত বসবাস কৰি পত্নী, পুত্র কন্যাক এটা ক্ষুদ্র প্ৰিন্টিং প্ৰেছৰ পৰা উৰ্পাজিত সামান্য টকাৰে পৰিয়াল চলাই থকা এই গৰাকী বিশিষ্ট নাট্যকাৰক অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে খবৰ ৰাখিছেনে,বিভাগটোৰ জড়িতে তেওঁৰ এই নাট্যচৰ্চা দুগুণ উৎসাহেৰে  কৰি যাবলৈ সন্মানজনভাৱে সহযোগিতা কৰিব পাৰেনে ?

Leave A Reply