যোৰহাট জিলা বাম ঢেকীয়াখোৱাত অৱস্থিত বিষ্ণুজ্যোতি সংগীত চিত্ৰকলা প্ৰেক্ষাগৃহত সোমবাৰে প্ৰয়াত সংগীত শিল্পী বুধিন চাংমাইৰ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।
বিষ্ণুজ্যোতি সংগীত চিত্ৰকলা বিদ্যালয় আৰু মধ্য যোৰহাট মইনা পাৰিজাতৰ সহযোগত আয়োজিত সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন শিক্ষক জীৱেশ্বৰ বৰপাত্ৰয়ে । প্ৰয়াত শিল্পীজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পবিত্ৰ মংগলাচৰণ আৰু জীৱেশ্বৰ বৰপাত্ৰ আৰু মধ্য যোৰহাট মইনা পাৰিজাতৰ উপ -সভাপতি পংকজজ্যোতি বৰুৱাই ।
স্মৃতিচাৰণ সভাখনিত উপস্থিত থাকে প্ৰয়াত বুধিন চাংমাইৰ সংগীত যাত্ৰাৰ গুৰু আৰু সংগীসকল ক্ৰমে নীৰৱ গগৈ, শিৱপ্ৰসাদ শইকীয়া, দিলীপ দাস, জিনু শইকীয়া, প্ৰণতি বৰপাত্ৰ, অনিল শইকীয়া, প্ৰভাত ৰঞ্জন গগৈ, দীপক বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি।
এটি সমৱেত সংগীতেৰে আৰম্ভ কৰা সভাখনিত বিশিষ্ট লোক সকলে প্ৰয়াত শিল্পী জনাৰ জীৱন আৰু অমৰ সৃষ্টি বিষয়ে এক বহুমূলীয়া আলোকপাত আগবঢ়াই । সভাত প্ৰয়াত শিল্পী জনাৰ বিয়োগত বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ে এটি শোক-প্ৰস্তাৱ বিদ্যালয়ৰ সঞ্চালক নৱকৃষ্ণ বৰাই পাঠ কৰি সভাৰ সভাপতিত্বৰ দ্বাৰা শিল্পী জনাৰ সুযোগ্য কন্যা হাতত অৰ্পণ কৰে।
বিদ্যালয়ৰ অধ্যক্ষ নয়নমনি ভট্টাচাৰ্য আৰু সঞ্চালক নৱকৃষ্ণ বৰাই আদ্যশ্ৰাদ্ধ দিনাই এখনি স্মৰণিকা প্ৰকাশ কৰা লগতে আৰ্থিক অনুদান দিয়া হ’ব বুলি ঘোষণা কৰে । সভাখনিত বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি, অভিভাৱক-অভিভাৱিকা উপস্থিত থাকি সৌস্তব বৃদ্ধি কৰে ।

