সিতাৰে জমীন পাৰ” হৈছে ২০২৫ চনৰ (Sitaare Zameen Par)২০ জুনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ক্ৰীড়া-কমেডী-নাট্যধর্মী চলচ্চিত্ৰ, যাক পৰিচালনা কৰে আৰ. এছ. প্ৰসান্নাই আৰু প্ৰযোজনা কৰে বলিউডৰ জনপ্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা আমিৰ খান আৰু অপৰ্ণা পুৰোহিতে, আমিৰ খান প্ৰডাকশ্যনছ ব্যানাৰৰ অধীনত, যি আগতে “Taare Zameen Par”ৰ দৰে বিৰল কিন্তু হৃদয়স্পৰ্শী চিনেমা উপহাৰ দিছিল। এই ছবিখনত মুখ্য চৰিত্ৰ গুলশানৰ ভূমিকাত অভিনয় কৰিছে আমিৰ খানে, যি এখন নামী পেচাদাৰী বাস্কেটবল প্ৰশিক্ষক, যাৰ জীৱন এক অহংকাৰ, জয় আৰু কঠোৰতাৰ মাজত আবদ্ধ আছিল। যেতিয়া তেওঁৰ উগ্ৰ ব্যৱহাৰ আৰু ভুল সিদ্ধান্তৰ বাবে তেওঁ ড্ৰিংক এণ্ড ড্ৰাইভ কেছত ধৰা পৰে, তেতিয়া আদালতে তেওঁক শাস্তিস্বরূপ সমাজ সেৱাত নিযুক্ত কৰে আৰু তেওঁক দিয়া হয় এটা বিশেষ দায়িত্ব—বুদ্ধি আৰু বিকাশজনিত অসুবিধা থকা (নিউৰোডাইভাৰ্জেন্ট) ১০ জন শিশুক বাস্কেটবল খেল শিকাবলৈ। গুলশান প্ৰথমতে এই দায়িত্বক এক হেয়াভাৱত গ্ৰহণ কৰে, অৱজ্ঞা কৰে, আৰু তেওঁ এই শিশুবোৰক ‘অযোগ্য’ বুলি ভাবে, কিন্তু সময়ৰ সৈতে তেওঁ তেওঁলোকৰ নিষ্পাপ মন, অবিচল নিষ্ঠা আৰু নিঃস্বাৰ্থ হৃদয়ৰ স্পৰ্শ পায় আৰু তেওঁৰ ভিতৰত এক ধস পৰে—আহা আহা কৰি গুলশান নিজৰ অহংকাৰ, গৰিমা আৰু পৰাজয়ক আঁতৰাই পেলাই আৰু এক সত্যকাৰ প্ৰশিক্ষকৰ ৰূপত জন্ম লয়, যিয়ে কেৱল খেল নুশিকায়, তেওঁলোকক জীৱনক ভাল পাবলৈ উৎসাহ দিয়ে। তেওঁৰ পত্নী সুনীতাৰ চৰিত্ৰত দেখা পোৱা যায় জেনেলিয়া ডি’ছুজাক, যিয়ে গুলশানৰ জীৱনৰ কঠিন সময়ত সাহস আৰু সহানুভূতিৰে তেওঁৰ সৈতে থাকে। এই ছবিখনত অভিনয় কৰে দৰ্শকসকলৰ বাবে একেবাৰে নতুন কিন্তু বাস্তৱ নিউৰোডাইভাৰ্জেন্ট অভিনেতাসকল—অৰুষ দত্ত, গোপী কৃষ্ণ বৰ্মা, অনিশা বব্বৰ, পূৰ্ণেন্দু ভট্টাচাৰ্য্য আদি, যিসকলে নিজৰ অভিনয়ে চিনেমাখনক এক বাস্তৱ অনুভূতি দিয়ে। এই ছবিখন ২০১৮ চনৰ স্পেনিছ সফল ছবি Champions ৰ এখন আনুষ্ঠানিক অভিযোজন (official adaptation)আৰু একেধাৰতে “Taare Zameen Par” চিনেমাৰ এক মানসিক আৰু আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে বিবেচিত হৈছে।
ছবিখনৰ মুঠ নিৰ্মাণ ব্যয় আছিল প্ৰায় ₹৯০–১২০ কোটি, আৰু মুক্তিৰ মাত্ৰ ১৫ দিনৰ ভিতৰত এই ছবিখনে ভাৰততে ₹১৩৭ কোটিৰো অধিক নেট আয় কৰে আৰু বিশ্বজুৰি প্ৰায় ₹২১৫ কোটি উপাৰ্জন কৰি ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চিনেমাসমূহৰ ভিতৰত স্থান লাভ কৰে।
সমালোচকসকলে এই ছবিখনক ব্যাপকভাৱে প্রশংসা কৰে—বিশেষকৈ আমিৰ খানে কৰা সংযত কিন্তু শক্তিশালী অভিনয়, সমাজসচেতন বাৰ্তা, অন্তর্ভুক্তিমূলক কাষ্টিং, আৰু হৃদয়স্পৰ্শী পৰিবেশনাৰ বাবে। বিভিন্ন চলচ্চিত্ৰ বিশ্লেষকে ইয়াক ৩.৫/৫ বা ৪/৫ ৰেটিং দিয়ে; কিছুমান সমালোচকে যদিও ইয়াক কিছু পৰিমাণে প্ৰেডিক্টেবল আৰু গোটেই কাঠামো কিছুখিনি চেনেহীয়া বুলি উল্লেখ কৰিছে, তথাপি সাধাৰণ দৰ্শকবৰ্গে ছবিখনক এক উদ্দীপক, পৰিয়ালিক, মন ছুঁই যোৱা, আৰু মানৱিকতাৰে ভৰপূৰ চিনেমা হিচাপে গ্ৰহণ কৰিছে। “সিতাৰে জমীন পাৰ” মাথোঁ এখন চিনেমা নহয়, ই এক যাত্ৰা—এজন গৰিমামণ্ডিত প্ৰশিক্ষকৰ পৰা এটি কোমল হৃদয়যুক্ত জীৱনশিক্ষকৰ দিশে যাত্রা; যি চিনেমা খেলৰ মাজত মানৱতা, দয়া, আৰু অন্তৰংগতা বিচাৰে আৰু সমাজৰ সীমাবদ্ধতা ভাঙি দেখুৱায় যে “অক্ষমতা”ৰ সংজ্ঞা কেৱল সমাজৰ মনত থাকে, হৃদয়ত নহয়।