Breaking

মুকালমুৱাৰ বেলবেলিত গছৰ তলত বহি আদিপাঠ গ্ৰহণ এজাক শিশুৰ…

0 1,546

শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলত চলিছে পাঠদান।দক্ষিণ বেলবেলি মিলন প্ৰাথমিক বিদ্যালয়ত ১৫৪ শিক্ষাৰ্থীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী।মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থাৰ ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ। দক্ষিণ বেলবেলি মিলন প্ৰাথমিক বিদ্যালয়খনত শ্ৰেণী কোঠাৰ অভাৱত মুকলি আকাশৰ তলতে দিছে পাঠদান। বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অধীনস্থ দক্ষিণ বেলবেলি মিলন প্ৰাথমিক বিদ্যালয়ত গছৰ তলত বহি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছে শিক্ষাৰ্থী সকলে।

বিদ্যালয়খনত ১৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে মাত্ৰ দুজন। দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে বিভিন্ন সমস্যাৰে বিদ্যালয়খনত শিক্ষাদান দি আহিছে ছাত্র ছাত্ৰী সকলক।উল্লেখ্য যে যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী শিক্ষাৰ মান উন্নত কৰিবলৈ গুণোৎসৱৰ ব্যৱস্থা কৰি উন্নয়নৰ ধাক-ঢোল বজাই আহিছে ঠিক তেনে সময়তে মুকালমুৱাৰ দক্ষিণ বেলবেলি প্ৰাথমিক বিদ্যালয়ৰ আন্ত:গাঠনিৰ ছবিয়ে উদঙাইছে শিক্ষাৰ প্ৰকৃত স্বৰূপ।

শেহতীয়াভাৱে দুটা শ্ৰেণী কোঠাৰ বাবে অনুমোদন পাইছে যদিও যথেষ্ট নহয় বুলি কয় প্ৰধান শিক্ষক গৰাকীয়ে। আন্ত:গাঠনি উন্নত কৰাৰ লগতে শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক অনুৰোধ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ।

Leave A Reply