শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চবিংশ তম প্রতিষ্ঠা দিৱস । সংবাদজ্যোতি বঁটা প্রাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰালৈ । Sivasagar

২৬জুলাইঃ Sivasagar । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত পঞ্চবিংশ তম কেন্দ্রীয় প্রতিষ্ঠা দিৱস | অনুষ্ঠানৰ আৰম্ভনিতে চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় | অসমৰ সাম্প্রতিক প্রেক্ষাপট জাতীয়তাবাদৰ অনুকূলে নহয় | ৰাজনৈতিক কাৰকৰ লগতে ৰাজনীতিয়ে সৃষ্টি কৰা সামাজিক অসহিষ্ণুতাই আমাৰ পুৰাতন ঐক্যত ভাঙোনমুখী চিন্তাৰ উন্মেষ ঘটাইছে |

আমি যেন পাহৰি গৈছোঁ, আমি অসমীয়া সত্তাটোৰে পাৰস্পৰিক সংপৃক্ত | যোৱা শুক্ৰবাৰ আৰু শনিবাৰে শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চবিংশ তম প্রতিষ্ঠা দিৱসত সংবাদজ্যোতি বঁটা গ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে প্ৰাগ নিউজৰ উজনি অসম ব্যুৰ’ চীফ তথা ৰাজ্যখনৰে এগৰাকী বিশিষ্ট সাংবাদিক উৎপল বৰাই | ভাষণত জাতীয়তাবাদৰ এগৰাকী কণ্ঠ হিচাপে পৰিচিত সাংবাদিক গৰাকীয়ে লগতে উল্লেখ কৰে যে সাম্প্রতিক জটিল সন্ধিক্ষণৰ মাজেৰে গতি কৰা অসমীয়া জাতিয়ে স্ব-সত্তাটোৰে উজ্জীৱিত হ’বলৈ সাংবাদিক আৰু সংবাদ-মাধ্যমে একেটা সুঁতিৰে আগবাঢ়িব লাগিব | সহযাত্রী হৈ জাতীয়তাবাদৰ শক্তিশালী পৃষ্ঠভূমি তৈয়াৰ কৰিব লাগিব | কিন্তু শ্রুতিকটু আৰু দৃষ্টিকটু ভাৱে আমি যেন ক’ৰবাত আঁত হেৰুৱাই পেলাইছোঁ | জাতীয় সত্তাটোৰ পৰিৱৰ্তে আমি যেন ক’ৰবাত আৰু কোনোবাখিনিত শাসকযন্ত্ৰটোৰ প্ৰত্যক্ষ অথবা পৰোক্ষ স্তাৱকলৈ পৰিণত হৈছোঁ |

আমি পাহৰি পেলাইছোঁ আমি মাটি আৰু জাতিৰ প্ৰতিহে দায়বদ্ধ হোৱাটো উচিত | চৰকাৰ আহিব আৰু যাব | কিন্তু জাতি আছিল আৰু অনাদি অনন্তকাললৈ থাকিব লাগিব বুলি মন্তব্য কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে লগতে কয় যে এনেদৰে থাকিলে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে আমি বৰলুইতৰ দুয়োপাৰে আশা নকৰা বহু পৰিৱৰ্তন দেখিম | আমাক আহত আৰু আশাহত কৰা বহু দুখজনক পৰিৱৰ্তনৰ আমি সাক্ষী হ’ম, যিটো জাতিৰ বাবে হ’ব অত্যন্ত দুর্ভাগ্যজনক আৰু পৰিতাপৰ বিষয় | শিৱসাগৰৰ যুৱদলত ৰাজেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত স্মৃতিগ্রন্থ ‘মুক্তি জননী’ উন্মোচন কৰে ‘দৈনিক জনমভূমি’ কাকতৰ উপ-সম্পাদক মনজিৎ কাশ্যপে | স্মৃতিগ্রন্থ উন্মোচন কৰি তেওঁ কয় যে এটা অনুষ্ঠানৰ বাবে এখন স্মৃতিগ্রন্থ দলিলস্বৰূপ, য’ত অনুষ্ঠান এটাৰ ইতিহাস চিৰদিন লিপিবদ্ধ হৈ থাকে | গতিকে স্মৃতিগ্রন্থ প্ৰকাশ কৰাটো অতি জৰুৰী | আনহাতে অনুষ্ঠানৰ আঁত ধৰে স্মৃতিগ্ৰন্থৰ সম্পাদক নাজিম আহমেদে | মুকলি সভাতে বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনায় | বন্তি প্রজ্বলন কৰে শিক্ষাবিদ, সমাজকর্মী ত্রিশূল শইকীয়াই |

Related Articles