Breaking

টীয়কত ছমহীয়া মিছিং ভাষা প্ৰশিক্ষণৰ আৰম্ভ

0 48

 টীয়কৰ জাতীয় বিদ্যালয়ত টীয়ক মিচিং বাংকে আগম কেবাঙৰ উদ্যোগত আয়োজিত ছমহীয়া মিচিং ভাষা প্ৰশিক্ষণ কাৰ্যসূচীৰ  শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ দ্বাৰ  মুকলি কৰে  টীয়ক জাতীয় বিদ্যালয় তথা জ্ঞানপীঠ একাডেমীৰ সঞ্চালক প্ৰদীপ চুতীয়াই। আঞ্চলিক সমিতিৰ সভাপতি দিলীপ কুমাৰ মিলিয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত উদ্বোধক ৰূপে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মিলেশ্বৰ পেগু আৰু অতিথি ৰূপে টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মণ্টু কুমাৰ বড়াই অংশগ্ৰহণ কৰি  এনে প্ৰশিক্ষণৰ গুৰুত্ব আৰু এই পদক্ষেপৰ জৰিয়তে মিচিং ভাষা শিক্ষাই জনপ্ৰিয়তা লাভ কৰিব বুলি বক্তৃতা আগবঢ়ায় উদ্যোক্তা সকলৰ পদক্ষেপৰ শলাগ লয়।আগম কেবাঙৰ টীয়ক অঞ্চলিকৰ প্ৰতিস্থাপক সম্পাদক অৰ্গেশ্বৰ টাই,প্ৰণৱ পায়েং, টীয়ক ডিব্ৰু কেবাঙৰ সভাপতি ধৰ্মেশ্বৰ মিলি,  প্ৰতিষ্ঠাপক  সভাপতি পীতাম্বৰ মিলি, সদস্য কাৰ্তিক পেগু আদিয়ে  অংশগ্ৰহণ কৰা  এই প্ৰশিক্ষণত  ৰবীন মিলি, ৰামাকান্ত টাই আৰু ললিত টায়ে প্ৰশিক্ষক ৰূপে দায়িত্ব গ্ৰহণ কৰিছে।

Leave A Reply