সংঘৰ্ষ জৰ্জৰ ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’

সংঘৰ্ষ জৰ্জৰ ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’ ৷ দেওবাৰৰ নিশা ১৪৩ জন ভাৰতীয় নাগৰিকক লৈ ষষ্ঠখন ‘অপাৰেচন অজয়’ৰ বিমান নতুন দিল্লীত উপস্থিত হয় ।

উক্ত বিমানখনত ভাৰতীয় নাগৰিকৰ লগতে আছিল দুজন নেপালী নাগৰিক । সামাজিক মাধ্যম X যোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, “বিমানখনে 2 জন নেপালী নাগৰিককে ধৰি 143 জন যাত্ৰীক লৈ অৱতৰণ কৰিছে …”।

উল্লেখ্য যে , সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতীয়সকলক সুকলমে ওভতাই অনাৰ উদ্দেশ্যৰে আৰম্ভ হৈছিল ‘অপাৰেচন অজয়’ ৷

Related Articles