১৩২খন ITIক অত্যাধুনিক দক্ষতা সম্পন্ন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ

জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ পৰ্যালোচনা সন্দৰ্ভত আলোচনা কৰে ।

জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ পৰ্যালোচনা সন্দৰ্ভত আলোচনা কৰে । বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ দক্ষতাক অগ্ৰাধিকাৰ প্ৰদানেৰে বিশ্ববিদ্যালয়খনক এক অত্যাধুনিক ৰূপ দিবলৈ ইয়াৰ পাঠ্যক্ৰম, অধ্যাপকৰ পদ আৰু পৰিচালনাৰ বিষয়েও বুজ লয় ।

ৰাজ্যৰ ১৩২খন আই টি আইক অত্যাধুনিক দক্ষতা সম্পন্ন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় । উচ্চমানৰ প্ৰশিক্ষণ, আত্মসংস্থাপনৰ কাৰ্যসূচী, দক্ষতাৰ বিষয়ত সজাগতা সৃষ্টি আদিৰ বিষয়ত গুৰুত্ব প্ৰদানেৰে আই টি আইসমূহৰ সহযোগত মানৱ সম্পদসমূহক দক্ষতাসম্পন্ন কৰি তোলাৰ সন্দৰ্ভতো এই বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য সুভাষ চন্দ্ৰ দাস আৰু চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

Related Articles