Breaking

দেৰগাঁৱৰ সুদক্ষ ফুটবলাৰ মঃজিয়াফট ৰহমান(কেকা)ই নাপালে স্বীকৃতি

0 2,232

দেৰগাঁৱৰ  সুদক্ষ ফুটবলাৰ  তথা প্ৰবীণ খেলুৱৈ  মঃজিয়াফট ৰহমান(কেকা) প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত। দেৰগাঁও বুঢ়ী গোঁসানী থানৰ ওচৰ নিবাসী মঃজিয়াফট ৰহমানে সৰুৰে পৰা খেলৰ লগত জড়িত হৈ বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লগতে নতুন চাম ছাত্ৰ ছাত্ৰীক ক্ৰীড়াৰ প্ৰশিক্ষণ দি বিভিন্ন খেলৰ বাবে প্ৰস্তুত কৰি তুলিছিল। বিশেষকৈ ফুটবল খেলত বিশেষ দক্ষ জিয়াফট ৰহমানে  ১৯৭৪/৭৫ চনৰ পৰা একেৰাহে বিভিন্ন দলৰ হৈ ৰাজ্যৰ বিভিন্ন খেল পথাৰত ফুটবল খেলি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ লগতে অসংখ্য পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। ১৯৯৫ চনৰ পৰা বৰ্তমানলৈ বহু ফুটবল খেলৰ ৰেফাৰী হিছাপেও বহু খেল পৰিচালনা কৰিছে।গোলাঘাট জিলাখনৰ ভিতৰতে নাম থকা প্ৰবীণ খেলুৱৈ জনে এতিয়ালৈকে অসম চৰকাৰৰ কোনো সা-সুবিধা তথা ক্ৰীড়া পেঞ্চনৰ বাবে নিৰ্বাচিত নোহোৱাতো অতি পৰিতাপৰ কথা। জনপ্ৰিয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ,ক্ৰীড়া মন্ত্ৰী বিমল বৰা,দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক পৰিয়াল তথা সচেতন মহলেও বৰ্তমান দৰ্জীৰ কাম কৰি দিন অতিবাহিত কৰা খেলুৱৈজনক চৰকাৰী স্বীকৃতি দিবলৈ অনুৰোধ জনাইছে।

Leave A Reply