গৰমত ছালখন বীজাণুমুক্ত কৰি ৰখাৰ লগতে অতিৰিক্ত তেল নিঃসৰণ কমোৱাৰ বাবে ফেচ ৱাছ ব্যৱহাৰ কৰে বেছিভাগ লোকে।(Skin Care)
গৰমৰ দিনত মুখত পিম্পলৰ সমস্যা বৃদ্ধি হোৱাটো স্বাভাৱিক। গ্ৰীষ্মকালত বহুতে এই সমস্যাত ভুগিবলগীয়া হয়। ইয়াৰ মূল কাৰণ ঘাম আৰু ইয়াৰ ছালৰ ছিদ্ৰত ধূলি জমা হোৱা। ইয়াৰ বাবেই ছালত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হয়। ছালখনত ফোহাৰে আবৃত হৈ থাকে। মুখৰ বিভিন্ন ঠাইত আৰু এটা বা দুটা পিম্পল দেখা দিব পাৰে। গালত, নাকত বা ওঁঠত হ’ব পাৰে এনো ফোঁহা ।
ছালখন বীজাণুমুক্ত কৰি ৰখাৰ লগতে গ্ৰীষ্মকালত অতিৰিক্ত তেল নিঃসৰণ কমোৱাৰ বাবে ফেচ ৱাছ ব্যৱহাৰ কৰে। কিন্তু আপোনালোকে ফেচ ৱাছ ব্যৱহাৰৰ সলনি ঘৰুৱা কিছু সামগ্ৰী ব্যৱহাৰ কৰি এনে সমস্যা দূৰ কৰিব পাৰে।
১/২ কাপ বিশুদ্ধ পানী ল’ব তাৰ পিছত তাত ১ টা গ্ৰীণ টি বেগ বা ১ চামুচ গ্ৰীণ টি দিব লগতে দিব ১ টেবুল চামুচ এলোভেৰা জেল। প্ৰথমে বিশুদ্ধ পানী উতলাই তাৰ পিছত চাহ দিব। পাঁচ মিনিট তিয়াই থওক। তাৰ পিছত পেষ্টটো ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে মিক্সাৰত দি ল’ব।
এই পেষ্ট তৈয়াৰ হোৱাৰ পিছত স্প্ৰে’ বটল এটাৰে ভৰাই ফ্ৰীজত ৰাখিব। ব্যৱহাৰৰ আগতে জোকাৰি ল’বলৈ নাপাহৰিব।