আমি ইংৰাজীত(Sleeping Early)এটা কথা শুনিছো, “Early to bed and early to rise, makes a man healthy, wealthy, and wise”। কিয় এই কথাষাৰ কোৱা হৈছে, জানো আহক।
আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত আমি আমাৰ টোপনিৰ যত্ন ল’ব নোৱাৰো। ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাবলৈ আমি সময় নাপাওঁ। চহৰবোৰত গভীৰ নিশা শোৱা ধাৰা দেখা গৈছে যদিও এই অভ্যাস স্বাস্থ্যৰ বাবে ভাল নহয়। সোনকালে শুই উঠি ৰাতিপুৱা সোনকালে সাৰ পাব লাগে।
ৰাতি সোনকালে শুই, পোৱা সোনকালে উঠা উপকাৰিতা-
১/ মগজুৰ কাৰ্য্যক্ষমতাৰ বাবে ভাল
স্মৃতিশক্তি, একাগ্ৰতা আৰু সমস্যা সমাধানৰ দক্ষতাকে ধৰি মগজুৰ কাৰ্য্যক্ষমতাৰ বাবে পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। সোনকালে শুলে আপোনাৰ মগজুৱে স্মৃতিশক্তি একত্ৰিত কৰাত সহায় কৰে আৰু স্নায়ু উৎপাদনৰ দৰে প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ অধিক ফলপ্ৰসূভাৱে সম্পন্ন কৰে। ৰাতি মগজুক জিৰণি ল’বলৈ আৰু ভাবিবলৈ যথেষ্ট সময় দিলে আপুনি মানসিকভাৱে সুস্থ আৰু দিনটোৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু হৈ উঠিব পাৰে।
২/ মেজাজ উন্নত হয়
টোপনিৰ অভাৱৰ ফলত মেজাজ নিয়ন্ত্ৰণ আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰে। সোনকালে শুই গ’লে আপুনি পৰ্যাপ্ত পৰিমাণৰ জিৰণি ল’ব পাৰে, যিয়ে মেজাজ সুস্থিৰ কৰাত আৰু খিংখিঙীয়া আৰু মানসিক চাপ হ্ৰাস কৰাত ভূমিকা পালন কৰে।
৩/ উন্নত শাৰীৰিক স্বাস্থ্য
সোনকালে টোপনিৰ গ’লে মানসিক স্বাস্থ্যৰ বাহিৰেও শাৰীৰিক স্বাস্থ্যৰ উপকাৰ হয়। গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিতভাৱে সোনকালে শোৱা লোকসকলৰ মেদবহুলতা, হৃদৰোগ, বিপাকীয় ৰোগ আদিৰ সম্ভাৱনা কম। ভোক আৰু বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা লেপ্টিন আৰু ঘ্ৰেলিনৰ দৰে হৰম’ন নিয়ন্ত্ৰণৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়।
৪/ উৎপাদনশীলতা বৃদ্ধি পায়
ৰাতি সময়মতে শুলে ৭ৰ পৰা ৮ ঘন্টা জিৰণি ল’লে মানসিক আৰু শাৰীৰিক স্বাস্থ্য বজাই ৰখাত সহায়ক হ’ব। গোটেই দিনটো আপুনি সতেজ অনুভৱ কৰিব, যাৰ ফলত পঢ়া-শুনা আৰু কাৰ্যালয়ৰ কামত মন বহিব, যিটো আপোনাৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ বাবে ভাল হ’ব।