ইন্ধনৰ সংকটত জুৰুলা বহু দেশঃ পাকিস্তানত ‘স্মাৰ্ট লকডাউন’ ঘোষণাৰ সম্ভাৱনা

মধ্যপ্ৰাচ্যত চলি থকা অস্থিৰতাৰ ফলত বিশ্বৰ বিভিন্ন দেশত ইন্ধনৰ সংকট অধিক জটিল হৈ পৰিছে৷ হৰমুজ প্ৰণালীৰে ইন্ধন পৰিবাহী জাহাজৰ চলাচল প্ৰায় বন্ধ হৈ পৰাৰ ফলত বিশ্বৰ বহু দেশত এতিয়া পেট্ৰ’ল, ডিজেলকে ধৰি ৰন্ধন গেছৰ তীব্ৰ সংকটে দেখা দিছে৷ ইয়াৰ ব্যতিক্ৰম ঘটা নাই পাকিস্তানতো৷ ইন্ধনৰ সংকটত জুৰুলা হৈ পৰিছে পাকিস্তান৷ ক্ৰমে গভীৰ হৈ অহা ইন্ধন সংকটৰ মাজতে দেশখনে শক্তি সম্পদ সংৰক্ষণৰ বাবে জৰুৰীকালীন ব্যৱস্থাৰ অংশ হিচাপে দুদিনীয়া সাপ্তাহিক লকডাউন আৰোপ কৰাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে৷

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, প্ৰস্তাৱিত লক ডাউনৰ পৰিকল্পনা অনুসৰি সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে দেশজুৰি লকডাউন পালন কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ জানিব পৰা মতে শনিবাৰে মাজনিশাৰ পৰা দেওবাৰে মাজনিশালৈকে নিষেধাজ্ঞা বলৱৎ হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু এই পদক্ষেপে এতিয়াও প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ পৰা চূড়ান্ত অনুমোদন লাভ কৰা নাই৷ যদি এই সিদ্ধান্ত কাৰ্যকৰী হয় তেন্তে লকডাউনৰ সময়ছোৱাত দোকান-বজাৰ, কাৰখানা, সেৱা খণ্ডৰ কাম-কাজকে ধৰি সকলো বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব৷

ব্যৱসায়িক হলত অনুষ্ঠিত কৰা বিয়া আৰু আন অনুষ্ঠানতো বাধাৰ সৃষ্টি হ’ব পাৰে৷ এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ কাৰ্যক্ষম হৈ থকাৰ সম্ভাৱনা আছে৷ চিকিৎসালয়, ফাৰ্মাচী, বিমানবন্দৰ, সাগৰীয় বন্দৰ আৰু ৰে’ল সেৱা ৰেহাই দিয়া হ’ব পাৰে৷ আনহাতে সীমিত ৰাজহুৱা পৰিবহণ চলি থাকিব পাৰে বুলি দেশখনৰ একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিছে৷ উল্লেখ্য, সংকট প্ৰশমনৰ বাবে চৰকাৰে ইতিমধ্যে কৰ্মদিন হ্ৰাস কৰা, ঘৰৰ পৰা কাম কৰা, অস্থায়ীভাৱে বিদ্যালয় বন্ধ কৰা আদি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ অৱশ্যে দুদিনীয়া সাপ্তাহিক লকডাউনৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও হোৱা নাই৷ পাকিস্তানী সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক খচৰা অধিসূচনাৰ পৰা অনুমান কৰা হৈছে যে শনিবাৰে মাজনিশাৰ পৰা দেওবাৰে নিশালৈকে দুদিনীয়া ‘স্মাৰ্ট লকডাউন’ কাৰ্যকৰী হ’ব পাৰে৷

পাকিস্তান চৰকাৰে অৱশ্যে স্পষ্ট কৰি দিয়ে যে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই আৰু খচৰাখনক চৰকাৰী আদেশ হিচাপে উল্লেখ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিবোৰ ভুল৷ ফেডাৰেল চৰকাৰে প্ৰাদেশিক কতৃৰ্পক্ষলৈ প্ৰেৰণ কৰা বুলি প্ৰচাৰ হোৱা খচৰা অনুসৰি শনিবাৰে পুৱা ১২.০১ বজাৰ পৰা দেওবাৰে নিশা ১১.৫৯ বজালৈ দেশজুৰি স্মাৰ্ট লকডাউন বলৱৎ হ’ব পাৰে৷ জানিব পৰা মতে, ২০২৬ চনৰ চ্ছ্ৰ এপ্ৰিলৰ পৰা পাক চৰকাৰে লকডাউন কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰিছে৷

Related Articles