Breaking

স্মাৰ্টফোনৰ কাৰনে হৈছে বিভিন্ন শাৰীৰিক-মানসিক সমস্যা

0 1,130

বৰ্তমান স্মাৰ্টফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।স্মাৰ্টফ’ন অবিহনে আমি এখোজো ওলাই যাব নোৱাৰো।জীৱনৰ সকলো কামেই এই ফোনটোৰ ওপৰত নিৰ্ভৰ কৰে। আমি যিমানেই এই ফ’নটোৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো,সিমানেই আমি গম নোপোৱাকৈ বিভিন্ন শাৰীৰিক-মানসিক সমস্যাৰ মাজলৈ গতি কৰিছো । বিশেষকৈ ক’ৰনাৰ এই সময়ছোৱাত মানুহ গৃ্হবন্দী হৈ পৰাত অধিক ফ’নৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।ফলত ভৱিষ্যতলৈ মানুহ অধিক জটিল সমস্যাৰ সৈতে যুঁজিব লাগিব বুলি বিশেষজ্ঞ সকলে দাবী কৰিছে। প্ৰধানকৈ স্মাৰ্টফ’নৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মিয়ে আমাৰ দৃষ্টিশক্তি হ্ৰাস কৰে। যদিও আমি এই স্মাৰ্টফোন ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰাটো সম্ভৱ নহয়।

স্মাৰ্টফোনৰ পৰা হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ আমি—

  • এন্টি গ্লেয়াৰ প্ৰটেক্টৰ ব্যৱহাৰ কৰিলে ফ’নৰ পৰা প্ৰতিফলন হোৱা নীলা ৰশ্মিৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব পাৰে।যিহেতু মবাইলৰ পৰা নিঃসৰণ হোৱা নীলা ৰশ্মি আমাৰ চকুৰ বাবে অত্যন্ত অপকাৰী।
  • বেছিকৈ ফ’ন ব্যৱহাৰ কৰি থাকিলে প্ৰতি আধা ঘন্টাৰ অন্তৰে অন্তৰে চাফা পানীৰে চকুজুৰি ধুই থাকিব লাগে।
  • ইয়াৰোপৰি একেৰাহে ২০ মিনিট ফ’ন চাই থাকিলে ইয়াৰপিছত ২০ চেকেণ্ড সময় ২০ ফুট দূৰলৈ দৃষ্টি নিক্ষেপ কৰিব লাগে।
  • লগতে ফ’নৰ উজ্বলতা সদায় কমাই ৰাখিব লাগে।যিহেতু ফ’নৰ উজ্বল পোহৰে আমাৰ চকুত অত্যাধিক চাপ সৃষ্টি কৰিব পাৰে।
  • ফ’নৰ পৰ্দাত ধুলি জমা হলেও আমাৰ চকুত অধিক চাপ পৰিব পাৰে। গতিকে সদায় ফ’নৰ পৰ্দা চাফা কৰি ৰাখিব লাগে।
  • চকুৰ একেবাৰে কাষত ফ’ন লৈ কেতিয়াও কথা পাতিব নালাগে। চকুৰ পৰা অন্তত ১৬-১৭ ইঞ্চি দূৰৈত ফ’নটো ৰাখিব লাগে ,যাতে চকুত ইয়াৰ পোহৰ নপৰে।
  • আমাৰ শৰীৰৰ আটাইতকৈ স্পৰ্শকাতৰ অংগ হৈছে চকু। তেনেক্ষেত্ৰত চকুৰ সামান্য সমস্যা হলেই পলম নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে।

উপৰোক্ত বিষয় সমূহ মানি চলিলে আমি অন্তত স্মাৰ্টফোনৰ কু-প্ৰভাৱৰ পৰা কিছু হলেও ৰক্ষা পৰিব পাৰিম।

Leave A Reply