ভাৰতৰ অন্যতম অগ্ৰণী জৈৱবৈচিত্ৰ্য(Smriti Rekha Lahon)সংৰক্ষণ সংস্থা আৰণ্যকে ‘প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী’ বিষয়ক মেডিয়া ফেলশ্বিপৰ বাবে অসমৰ আঠ গৰাকী সাংবাদিকক নিৰ্বাচিত কৰিছে। আঠ গৰাকী সাংবাদিকৰ ভিতৰত টীয়কৰ যুৱ সাংবাদিক তথা দৈনন্দিন বাৰ্তা টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ মিডিয়া ফেল’শ্বিপ প্ৰদান কৰা হৈছে।
ভাৰতৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পৰিৱেশ প্ৰতিবেদনৰ প্ৰতি আকৰ্ষিত যুৱ মিডিয়া পেছাদাৰীসকলৰ বাবে মিডিয়া ফেল’শ্বিপ ঘোষণা কৰিছিল। মুঠ ৮ গৰাকী ফেলয়ে আৰ্থিক সহায়ৰ উপৰিও নিৰ্বাচিত ফেল’সকলে জ্যেষ্ঠ সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ পৰা অৰিয়েণ্টেচন আৰু দিহা-পৰামৰ্শ লাভ কৰিব। আনহাতে, ফেল’সকলক ক্ষেত্ৰভিত্তিক কাম-কাজত স্থানীয় গাইডে সহায় কৰিব।
উল্লেখযোগ্য যে সংবাদকৰ্মী স্মৃতিৰেখা লাহন ২০১৯ বৰ্ষৰ পৰা সাংবাদিকতাৰ লগত জড়িত হৈ আছে। তেওঁ লেখা-মেলা কৰাৰ উপৰিও বিভিন্ন সামাজিক কামত জড়িত। মেডিয়া ফেল’শ্বিপলৈ নিৰ্বাচিত হোৱাৰ পিছতে বিভিন্নজনে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।