নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যলয়ৰ এটা বনকৰ্মী দলে চকীটুপ অঞ্চলত অভিযান চলাই চাইকেল সহ চোৰাং কাঠৰ ফান্টা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া নেপাল মণ্ডলৰ খবৰৰ ভিৰ্ত্তিত আজি পুৱা প্ৰায় ৭ মান বজাত এটা তহলদাৰী বন কৰ্মীৰ দলে চকীটুপ অঞ্চলত অভিযান চলাই ৬খন চাইকেলসহ ৩০ টুকুৰা মূল্যবান চোৰাং কাঠৰ ফান্টা জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে যোৱা কালি শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা তহলদাৰী বন কৰ্মীৰ দলে শালনাৰ উত্তৰ ডিজু সংৰক্ষিত বনাঞ্চলত অভিযান চলাই ৫খন চাইকেলসহ কাঠ কটা কৰত জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগে চলোৱা দুয়োটা অভিযানতে চোৰাং কাঠ ব্যৱসায়ী কেইজন পলাই যাবলৈ সক্ষম হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে। আনহাতে বন বিভাগে জব্দ কৰা চাইকেল আৰু চোৰাং কাঠ সমূহ শালনা বনাঞ্চলিক কাৰ্যালয়ত আছে বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে।বিদ্যুত জ্যোতি বৰা