Breaking

জামুগুৰিহাটত শামুকীয়া গতিৰে চলিছে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম

0 2,022

,জামুগুৰিহাট,প্ৰতিবেদক:- জামুগুৰিহাটত শামুকীয়া গতিৰে চলিছে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য। চকীঘাটৰ পৰা জামুগুৰিহাটৰ পেট্ৰ’ল   ডিপোলৈকে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা ছিমপ্লেক্স নামৰ কোম্পানীটোৱে লেহেম গতিৰে কাম চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত এতিয়া  অস্বস্তিত পৰিছে অঞ্চলটোৰ ৰাইজ।নিৰ্মাণ কাৰ্য চলি পথৰ মাজত নিৰ্মাণকাৰী সংস্থাই অৰ্ধ নিৰ্মিত অৱস্থাত ৰাখি থোৱা পকী কালভাৰ্ট সমূহেও ৰাইজক বিপদত পেলাইছে। উন্মুক্ত অৱস্থাত থকা এই অৰ্ধ নিৰ্মিত  পকী কালভাৰ্টত পৰি ইতিমধ্যে বহু লোক ঘুণীয়া হৈছে। অতিকৈ লেহেমীয়া গতিৰে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা এই ছিমপ্লেক্স কোম্পানীৰ পৰা এতিয়া দায়িত্ব কৰ্তন কৰি অন্য কোনো পথ নিৰ্মাণকাৰী সংস্থাক পথ নিৰ্মাণৰ দায়িত্ব দিবলৈ ৰাইজে দাবী জনাইছে। 

Leave A Reply