এতিয়ালৈকে সূৰ্য বাহাদুৰ তামাঙৰ দেহত ধৰা পৰা নাই অমিক্ৰনৰ লক্ষণ

অসমবাসীলৈ সাময়িক সকাহ! কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা নাই সূৰ্য বাহাদুৰ তামাং। শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰা অনুসৰি, ‘‘লোকজনৰ দেহত এই মুহূৰ্তলৈকে অমিক্ৰণৰ লক্ষণ ধৰা পৰা নাই৷

কলকাতাত কৰা টেষ্টত কেৱল কোভিড পজিটিভহে ধৰা পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত নিশা লোকজনক TMCHত ভৰ্তি কৰোৱা হৈছে৷ অমিক্ৰণ পৰীক্ষাৰ বাবে আজি লোকজনৰ নমুনা সংগ্ৰহ কৰি কলকতাস্থিত লেব’ৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব৷ গতিকে এই মুহূৰ্তলৈকে বিশেষ চিন্তাৰ কোনো প্ৰয়োজন নাই৷’’

Related Articles