Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সমাজকৰ্মী জিতেন বৰাৰ দেহাৱসান…

0 12

নাৰায়ণপুৰ অঞ্চলৰ ১নং চৰাইদলনি গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি জিতেন বৰাৰ যোৱা ৮মে’, বুধবাৰে দিনৰ দুই বজাত বাৰ্ধক্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে৷
গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাধৱপুৰস্থিত নাৰায়ণপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মময় জীৱনৰ পাতনি মেলা প্ৰয়াত জিতেন বৰাই মাধৱদেৱ মহাবিদ্যালয়(বৰ্তমানৰ মাধৱদেৱ বিশ্ববিদ্যালয়)ৰ কাৰ্য্যালয়ত নিযুক্তি লাভ কৰি শেষত কাৰ্যালয়-অধিক্ষক হিচাবে কৰ্মৰত হৈ ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰিছিল৷ প্ৰয়াত বৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ উত্তৰ-পশ্চিম নাৰায়ণপুৰ আঞ্চলিক শাখাৰ একেৰাহে দুটা কাৰ্যকাল(৪বছৰ)ৰ সভাপতি, বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু বহুবোৰ সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল৷ মৃত্যুৰ সময়ত তেখেতে পত্নী, পো-বোৱাৰী আৰু এগৰাকী কন্যাক এই সংসাৰত এৰি থৈ যায়৷

বৰাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পশ্চিম নাৰায়ণপুৰ আঞ্চলিক শাখা, বৈষ্ণৱপুৰ শাখা, পশ্চিম নাৰায়ণপুৰ শাখা সাহিত্য সভা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট আৰু বিভিন্ন সামাজিক দল সংগঠনে বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

Leave A Reply