Breaking

টংলা কবি সন্মিলনৰ উদ্যোগত সমাজ, সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান

0 2,037

সমাজ, সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান টংলা কবি সন্মিলনৰ উদ্যোগত ৰবিবাৰে টংলা শতদল সাহিত্য সভা ভৱনত ‘বিষয় ফাগুন-কোৰোনা জীৱন প্ৰেম’ ইত্যাদি শীর্ষক কবিতা পাঠ, গীত মাত নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয়।

ৰাতিপুৱা ১০ বজাত মাজগাঁও ৰূপজ্যোতি নামতি দলৰ সমবেত গীতেৰে আৰম্ভ হোৱা আনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে কবি ফটিক নন্দনে। বন্তি প্ৰজ্জল কৰে টংলা শতদল সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসে। আদৰণী ভাষণ দিয়ে কবি ৰঞ্জি শইকীয়া ডেকাই। টংলা কবি সন্মিলনৰ সভাপতি খগেন্দ্ৰ নাথ বৰাই সঞ্চালন কৰা উক্ত অনুষ্ঠানত টংলা কবি সন্মিলনে বিশিষ্ট কবি ঘটেশ্বৰ বৰুৱাক “পান্থপাদপ” সন্মান প্ৰদান কৰাৰ লগতে গামোচা, মানপত্ৰ, ফুলাম জাপি প্ৰদান কৰা হয়।

বঁটা গ্ৰহন কৰি তেওঁ কয় যে, ‘বঁটা প্ৰাপ্তিয়ে মোক কাব্য সাহিত্য আৰু সমাজ নিৰ্মাণত অধিক দায়বদ্ধ কৰি তুলিছে’ । আনহাতে উক্ত অনুষ্ঠানতে উদিয়মান কবি নিৰুপমা ডেকাৰ কাব্য গ্ৰন্থ “জীৱন দাপোন” উন্মোচন কৰে ডঃ কৈলাশ চন্দ্ৰ চমুৱাই। বিশিষ্ট লেখক তাৰানাথ কলিতাৰ কাব্য গ্ৰন্থ “ফাগুন” উন্মোচন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ উপ সভাপতি আদিত চন্দ্ৰ কলিতাই।

অনুষ্ঠানটোত গীত পৰিবেশন কৰে লক্ষ্মী ৰাণী ডেকা, ঘটেশ্বৰ বৰুৱা জ্যোতিপ্ৰসাদ কলিতা, অঞ্জনা বৰ্মনে। কবিতা পাঠ কৰে ক্ৰমে প্ৰাৰ্থপ্ৰতিম পাঠক, নিৰূপমা ডেকা,ৰাজীৱ ৰাভা, শান্তিবালা দত্ত, হেমেন দাস, তাৰানাথ কলিতা, আদিত চন্দ্ৰ কলিতা, জয়ামণি ডেকা, ভদ্ৰেশ্বৰী দেৱী, পূৰ্ণিমা ভূঞা, বিদিশা শৰ্মা,কৃষ্ণকান্ত ডেকা, ধৰণীধৰ মেধিয়ে

লগতে সমাজ সেৱক বলিৰাম ডেকাই চমু ভাষণ ব্যক্ত কৰে । সদৌ শেষত জাতীয় সংগীতেৰে অনুষ্ঠান সামৰণি পৰে।

Leave A Reply