Breaking

সমাজকৰ্মী দুৰ্লভ চেতিয়াক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…

0 33

যোৰহাট জিলাৰ হাতীগড় মৌজা মেলেং বালিচাপৰি গাঁৱৰ সমাজকৰ্মী তথা ২৮ নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়াক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ চৌধ্য বছৰীয়া গৌৰৱোজ্জ্বল মূহুৰ্তত সম্বৰ্ধনা জনাই। উল্লেখ্য যে সমাজকৰ্মী গৰাকীয়ে সমাজ সেৱাৰ লগতে বাল্য বিবাহ প্ৰতিৰোধ , ড্ৰাগছৰ বিৰুদ্ধে জনসজাগতা, ধঁপাত মুক্ত আৰু যক্ষ্মা মুক্ত (টিবি )পঞ্চায়ত গঢ় দিয়া এক পৰিকল্পনাৰে যোৰহাট জিলা প্ৰশাসনত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। পঞ্চায়তৰ প্ৰতিনিধি হিচাপে তেখেতৰ কায্যকালত চৰকাৰী পুঁজি সৎ ব্যৱহাৰ কৰা আৰু চৰকাৰী কায্যসুচী সমুহ সফল ভাৱে ৰূপায়ণ কৰা হেতুকে ২০২৩ চনত জিলা প্ৰশাসনে সমাজকৰ্মী গৰাকীক শ্ৰেষ্ঠ পঞ্চায়ত সভাপতি বঁটা প্ৰদান কৰে।

সমাজকৰ্মী তথা প্ৰাক্তন পঞ্চায়তৰ সভাপতি গৰাকীক দৈনন্দিন বাৰ্তাৰ স্থানীয় সাংবাদিক জগন্নাথ অগ্নি বৰা , মৰিয়নীৰ সাংবাদিক কৃষ্ণ প্ৰসাদ শৰ্মাই গামোচা , সম্বৰ্ধনা পত্ৰ , বাতৰি কাকতৰ এটি টোপোলা নিজা বাস গৃহতে প্ৰদান কৰি সম্বৰ্ধনা জনাই।

Leave A Reply