সমাজকৰ্মী প্ৰয়াত জ্যোতিষ বৰ্মনৰ আৱক্ষ মূৰ্তি উন্মোচন

চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত জ্যোতিষ বৰ্মনৰ এটি আৱক্ষ মূৰ্তি আনুষ্ঠানিক ভাবে উন্মোচন কৰাৰ লগতে শিক্ষক-সমাজসেৱী গৰাকীৰ নামত স্থানীয় এটি পথৰ নামাকৰণ কৰা হয় ৷ এই উপলক্ষে  দিনৰ প্ৰায় ১১-৩০ বজাত অকলাপাৰাৰ চামতা-বেলশৰ সংযোগী পথৰ সমীপৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য তথা অৱসৰী শিক্ষক প্ৰয়াত বৰ্মনৰ নিজৰ মাটিত শিক্ষাবিদ, সমাজসেৱী প্ৰয়াত বৰ্মনৰ আৱক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ খগেন ডেকাই ।

লগতে, অকলাপাৰা পথটি ‘জ্যোতিষ বৰ্মন পথ’ হিচাপে নামাকৰণ কৰি ফলক উন্মোচন কৰে স্থানীয় গাৱৰ প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক অপূৰ্ব বৰ্মনে । ডঃ খগেন ডেকাৰ পৌৰহিত্যত সম্পন্ন হোৱা এই অনুষ্ঠানত প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডঃ প্ৰমোদ হালৈ, চামতা ছোৱালী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক বিপিন কাকতি আৰু সাহিত্য সংগঠক কামাখ্যা প্ৰসাদ বৰ্মনে । প্ৰয়াত বৰ্মনৰ সহধৰ্মিনী ক্ষীৰদা বৰ্মনে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰা এই অনুষ্ঠানত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বলেন গোস্বামী, শিক্ষক প্ৰাৰ্থপ্ৰতীম ডেকা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে পুষ্পাঞ্জলি প্ৰদান কৰে ।

চামতা আঞ্চলিক সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰবীন বৰ্মনে আঁত ধৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰয়াত বৰ্মনৰ একমাত্ৰ পুত্ৰ অনুপ বৰ্মনে । প্ৰায় ডেৰ লক্ষাধিক ধন ব্যয়েৰে পিতৃৰ আৱক্ষ মূৰ্তি স্থাপনেৰে পৰিয়ালটোৱে দেখুওৱা পিতৃ স্নেহৰ নিদৰ্শনত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে । 

Related Articles