Socio-economic Awareness । গোসাঁইগাঁও মহকুমাৰ গুমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাকমাত আজি বিটিআৰ চৰকাৰৰ উদ্যোগত চৰকাৰৰ বিভিন্ন আচঁনিৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৱে বিগত সোতৰ বছৰে বিপিএফৰ কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় বিপিএফ চৰকাৰৰ সময়ত কোনো পৰিকল্পনা আছিল। কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ পৰা টকা আহিছিল , বিপিএফ চৰকাৰে কোনোধৰণৰ পৰিকল্পনা নকৰাকৈ ব্যয় কৰিছিল।
বিটিচিৰ কাম কৰা সমূহ ঠিকাদাৰ বাহিৰৰ আছিল। ফলত সম উন্নয়ন সম্ভৱ নাছিল। তেওঁ ইউপিপিএলৰ বিগত কাৰ্যকালৰ বিভিন্ন বিভাগৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰাৰ লগতে শিক্ষকৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগত নিযুক্তিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, বিধানসভা সমষ্টিৰ বিধায়ক জীৰন বসুমতাৰী, পাৰিষদ মাধব ছেত্ৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, গুমা টিচিএলচিচিৰ অধ্যক্ষ নুৰ হাছান আনছাৰীৰ লগতে কেইবাজনো নেতৃবৃন্দ উপস্থিত থাকে।অনুৰূপ ভাৱে যমদুৱাৰ পৰিষদীয় সমষ্টিৰ আমলাইগুৰীতো বিটিআৰ চৰকাৰৰ উদ্যোগত চৰকাৰৰ বিভিন্ন আচঁনিৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়।