Breaking

কিছুমান বেয়া অভ্যাসে আমাৰ ভৰি দুখন দুৰ্বল কৰি তুলে, সজাগ হওক…

0 119

ভৰি দুখন অতি গুৰুত্বপূৰ্ণ। কিন্তু কিছুমান ভুল অভ্যাসৰ বাবে আমাৰ ভৰিৰ ক্ষতিও হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ কিছুমান অভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব। ভৰি শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। সেইবাবেই সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়। বেছিভাগ মানুহেই গোটেই শৰীৰৰ যত্ন লয় যদিও ভৰিৰ প্ৰতি কম গুৰুত্ব দিয়ে। এনে পৰিস্থিতিত আমি আপোনালোকক ক’ম যে কোনবোৰ অভ্যাসে ভৰিৰ ক্ষতি কৰে-

আজিকালি মানুহে একে ঠাইতে বহি কাম কৰি থাকে। কিন্তু আপুনি জানেনে যে ই আপোনাৰ ভৰিৰ ক্ষতিও কৰে। কাৰণ বহু সময় বহি থাকিলে আপোনাৰ তেজৰ সঞ্চালন বহুত লেহেমীয়া হয়। যাৰ বাবে আপোনাৰ ভেৰিকোজ ভেইনৰ সমস্যা হব পাৰে।সেয়েহে ভৰি দুখন সুস্থ কৰি ৰাখিব বিচাৰিলে কামৰ মাজত প্ৰতি এঘণ্টাৰ মূৰে মূৰে অলপ বিৰতি লওক বা অলপ খোজ কাঢ়ব।

বেছিভাগ মানুহৰে দেখা যায় যে যেতিয়াই বহি থাকে তেতিয়াই ভৰি দুখন ক্ৰছ কৰে। কিন্তু বহু সময় ভৰি দুখন ক্ৰছ কৰি বহি থাকিলে আঁঠুৰ ওপৰত অধিক চাপ পৰে। যাৰ বাবে আপোনাৰ ভৰিৰ সমস্যা হ’ব পাৰে। গতিকে ভৰি দুখন ক্ৰছ কৰি বহি থকাৰ পৰা বিৰত থাকক।

ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে বহুত ভাল, কিন্তু অত্যধিক ব্যায়াম কৰিলে ভৰিৰ ক্ষতি হ’ব পাৰে। কাৰণ অতিমাত্ৰা ব্যায়ামৰ বাবে পেশীৰ ওপৰত অধিক চাপ পৰে। যাৰ বাবে ভৰিৰ বিষৰ সমস্যা হ’ব পাৰে।

Leave A Reply