Breaking

নগাঁৱত কেইগৰাকীমান শিক্ষিত অসমীয়া যুৱকৰ অসমীয়াগিৰি

0 2,056

প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখিবলৈ পোৱা যায় শীত কালত  ৷শীতে লৈ আহে বহু সুখৰ বতৰা ৷কৃষি-শস্য আদিলৈকো লৈ আহে এক প্ৰাণচঞ্চল আশাৰ হাঁহি ।এই শীততে নগাঁও চহৰৰ কিছু নিলগৰ হালধিআটিত দেখিবলৈ পোৱা গৈছে এখন ফুলাম হালধীয়া দলিচা। নতুন বছৰত হালধীআটি গাঁৱৰ স্হানীয় কেইগৰাকী মান শিক্ষিত নিবনুৱা যুৱ কৃষকে ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা। হালধীআটিৰ স্হানীয় কেইগৰাকীমান শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে “সুৰুয সন্মিলিত কৃষক গোট”।এই কৃষক গোটে এইবাৰ হালধিআটি অঞ্চলত কৃষি বিভাগৰ পৰা সহায় লৈ প্ৰায় ১০০ বিঘা মাটিত আৰম্ভ কৰিছে সৰিয়হৰ খেতিৰ লগতে বতৰৰ শাক পাচলি,স্টবেৰী,মাকৈ,বেলি ফুল,বুটৰ খেতিকে ধৰি বিভিন্ন খেতি।  এইসকল যুৱ কৃষকৰ কৃষি কৰ্ম‌ই বৰ্তমান ৰাজ্যৰ কৃষিখন্ডলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।তেওঁলোকৰ সৰিয়হ খেতি ডৰাই এতিয়া যেন হাঁহিবলৈ আৰম্ভ কৰিছে ।  অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত মন মুহিব পৰা সৰিয়হৰ লগতে বিভিন্ন খেতিয়ে যুৱ কৃষক সকলক উৎসাহ যোগাইছে।ইতিমধ্যে বতৰৰ শাক পাচলি খেতিৰ জৰিয়তে যুৱ কৃষক সকল লাভাম্বিত‌ও হৈছে বুলি গোটটোৰ এগৰাকী সদস্য প্ৰভাত শ‌ইকীয়াই জানিবলৈ দিয়ে।প্ৰভাত শ‌ইকীয়াই লগতে  নতুন বছৰত  অসমীয়া শিক্ষিত যুৱ চামক কৃষি ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনাই আৰু যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় সাৰথি তেওঁলোকে আগবঢ়াব বুলিও উল্লেখ কৰে।লগতে তেওঁলোকে কৃষি ক্ষেত্ৰত  লাভ কৰা  সফলতাৰ বাবে নগাঁও জিলা কৃষি বিভাগৰ লগতে জিলা কৃষি বিষয়া অশোক বৰঠাকুৰৰ শলাগ লয় ।ইতিমধ্যে বছৰৰ প্ৰায় সমুহ খেতি কৰি স্বাবলম্বী হৈছে এই সকল শিক্ষিত নিবনুৱা ৷   কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ কৰা সৰিয়হৰ খেতি ডৰা এতিয়া লহ পহ কৈ বাটৰুৱাৰ মন মুহিবলৈও সক্ষম হৈছে।

Leave A Reply