Breaking

ক’লা জামুৰ উপকাৰিতাৰ বিষয়ে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা…

0 144

মানৱ দেহ হ’ল ৰোগৰ আকৰ৷ কিন্তু প্ৰকৃতি মাতৃয়ে সেই সমূহৰ প্ৰতিকাৰৰ বাবে প্ৰচুৰ গছ-বন, ফল-ফুল অপৰ্যাপ্তভাবে আমাৰ মাজত বিলাই দিছে৷ প্ৰয়োজন মাথো সেইসবৰ গুণাৱলী চিনাক্ত কৰি তাৰ সদপ্ৰয়োগ কৰাৰ৷ আজি এনে এবিধ গছৰ কথা লিখিব ওলাইছোঁ, যাৰ বিষয়ে অৱগত হ’লে পাঠকসকল আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব ৷

ক’লা জামুৰ গছ চিনি নোপোৱা মানুহ আমাৰ মাজত বহুত কম ওলাব৷ এই গছৰ পাত, ছাল,গা-গছ, শিপা, ফল-ফুল প্ৰতিটো অংশই ঔষধীয় নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে৷ লোককথামতে ভগবান কৃষ্ণই জামুগছৰ তলত বহি বাঁহী বজাইছিল ৷ সেয়ে এই গছক পবিত্ৰ জ্ঞান কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মালম্বীলোকে মন্দিৰৰ চৌহদত ৰোপন কৰি আহিছে৷ মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো সমাজৰ বিবাহ মণ্ডপ সজাবলৈ জামুগছৰ ডাল-পাতৰ ব্যৱহাৰ হয় ৷

এই চিৰসেউজ গছৰ প্ৰাথমিক উৎপত্তিস্থল ভাৰতবৰ্ষ, শ্ৰীলংকা, নেপাল, ভূটান,পাকিস্তান, বাংলাদেশ আৰু বাৰ্মা বুলি জনা যায় ৷ কালক্ৰমত মালয়েশিয়া আৰু ইণ্ডোনেচিয়ালৈ ইয়াৰ সঁচ যায় আৰু সেই দুই দেশত জামুগছে বিপুল সমাদৰ লাভ কৰে৷

আৰু আজি এচিয়াৰ ওপৰিও আফ্ৰিকা, অষ্ট্ৰেলিয়া, মধ্য আমেৰিকা, ৱেষ্ট ইণ্ডিজ, ইউৰোপ আদিৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত জামুগছ দেখা পোৱা যায়৷ ৱিকিপেডিয়াৰ মতে জামুগছ ১৯১১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডালৈ নিয়া হয় আৰু তাৰ পিছত উত্তৰ-পূৱ আমেৰিকা অঞ্চলত বহুলভাৱে ৰোপন কৰা হয় ৷

জামুৰ আন আন কেইটিমান উপকাৰী প্ৰয়োগ হ’ল –

  • সুলভ মূল্যৰ সুগন্ধি আতৰ বনোৱাত ব্যৱহৃত হয়৷
  • জাম, জেলি, চৰবত আদি বনোৱা হয়৷
  • জামু গুটিৰ পৰা ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী হাৰ্বেল-টি বনোৱা হয়৷
  • ফিলিপাইনচ দেশত আৰু আমাৰ দেশৰ গোৱাত ইয়াৰ পৰা মদ বনোৱা হয়৷

  • টুথপেষ্ট বনোৱাত জামুৰ ব্যৱহাৰ কৰা হয়৷
  • ইয়াৰ কাঠৰ পৰা ঘৰৰ ফাৰ্ণিচাৰ, ৰেলৱে শ্লিপাৰ, নৌকা, গীটাৰ জাতীয় বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা হয়৷
  • ইয়াৰ পাতৰ পৰা ওলোৱা তেলত এন্টিঅক্সিডেন্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়৷ এনে তেলৰ বিষহাৰী, বীজাণুনাশক, কীটনাশক আৰু এন্টিফাংগেল গুণ দেখা যায় ৷
  • জামুগছে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰে৷

Leave A Reply