Breaking

কোনোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল পায়, কোনোৱে বেয়া পায়, কিন্তু তেওঁৰ বিষয়ে বেয়া কথা কোৱা উচিত নহয়: গুজৰাট হাইকোৰ্ট

0 56

কোনোবাই হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল পাব, কোনোবাই অপছন্দ কৰিব পাৰে। কিন্তু প্ৰধানমন্ত্ৰীক লৈ আপত্তিজনক মন্তব্য কৰাটো একেবাৰেই উচিত নহয়। প্ৰধানমন্ত্ৰী আৰু প্ৰয়াত মাতৃৰ বিষয়ে ফেচবুকত পোষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ব্যক্তি। তেওঁৰ জামিন আবেদনৰ সৈতে জড়িত গোচৰৰ শুনানিৰ সময়ত গুজৰাট উচ্চ ন্যায়ালয়ে এনে মন্তব্য কৰে।

শনিবাৰে ন্যায়াধীশ নিৰ্জাৰ দেশাইৰ একক বিচাৰপীঠে মোডী সন্দৰ্ভত মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ জামিন আবেদনৰ গোচৰটো গ্ৰহণ কৰে। ন্যায়াধীশে এই আবেদন খাৰিজ কৰে। আদালতৰ পৰ্যবেক্ষণ, “কোনোবাই ভাল বা বেয়া অনুভৱ কৰিব পাৰে।কিন্তু বেয়া অনুভৱ কৰাৰ অৰ্থ এইটো নহয় যে সেই ব্যক্তিজনৰ বিষয়ে গালি-গালাজ আৰু বেয়া কথা ক’ব পাৰি।”

ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে কয় যে ভাৰতৰ নাগৰিক হিচাপে তেওঁ কৰা মন্তব্যই সমাজত শান্তি বিঘ্নিত কৰিছে। আদালতে এইটোও পৰ্যবেক্ষণ কৰে যে অভিযুক্তৰ বিৰুদ্ধে পোৱা প্ৰমাণৰ পৰা দেখা যায় যে তেওঁ কেৱল প্ৰধানমন্ত্ৰীক বেয়া কথা কোৱাই নহয়, প্ৰয়াত মাতৃকো অপমান কৰিছিল। ইয়াৰ উপৰিও ধৃত ব্যক্তিজনে সংশ্লিষ্ট ফেচবুক পেজত অশ্লীল আৰু কুৎসিত ছবি পোষ্ট কৰাৰ লগতে তেওঁৰ পোষ্ট ভাৰত বিৰোধী আৰু পাকিস্তান সমৰ্থক বুলি ধৰা পৰে।

গুজৰাট উচ্চ ন্যায়ালয়ে কয় যে যদি অভিযুক্তক জামিন লাভ কৰে তেন্তে তেওঁ পুনৰ এনে কাণ্ড সংঘটিত নকৰে তাৰ কোনো নিশ্চয়তা নাই। তেওঁ পুনৰ ভুৱা ফেচবুক একাউণ্টৰ পৰা এনেধৰণৰ জঘন্য মন্তব্য দিব পাৰে। ইয়াৰ পিছত অভিযোগ আহিলে তেওঁ প্ৰমাণ ‘ডিলিট’ কৰি নষ্ট কৰিব পাৰে। এই যুক্তিৰে সংশ্লিষ্ট অভিযুক্তৰ জামিন আবেদন নাকচ কৰে আদালতে।

Leave A Reply