পুত্ৰ-বোৱাৰী, নাতিনীৰ দ্বাৰা প্ৰহিত আশী বছৰীয়া বৃদ্ধা; শেষ আশ্ৰয় বৃদ্ধাশ্ৰমৰ সিদ্ধান্ত। আৰক্ষী থানাত এজাহাৰ দাখিল

নিজ পুত্ৰ বোৱাৰী আৰু নাতিনীৰ দ্বাৰা প্ৰহিত হৈ শুৱালকুছিৰ এগৰাকী অশীতিপৰ বৃদ্ধা ঘৰৰ পৰা পলায়ন কৰিব লগা হোৱা ঘটনা এটি পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিচত বৃদ্ধা গৰাকীয়ে ন্যায় বিচাৰি তিনিওৰ বিৰুদ্ধে শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মানৱতাক ভু-লুন্ঠিত কৰা ঘটনাটি সংঘটিত হৈছে বস্ত্ৰনগৰী শুৱালকুছিৰ পশ্চিম পঞ্চায়তৰ দক্ষিণ সিদ্ধেশ্বৰ পাহাৰত। বৃদ্ধা গৰাকীৰ ভাষ্য মতে দক্ষিণ সিদ্ধেশ্বৰ পাহাৰৰ অশ্বনী বালা দাস নামৰ আশী বছৰীয়া বৃদ্ধা গৰাকীক তেওঁৰ পুত্ৰ সনক দাস বোৱাৰী নিকু দাস আৰু নাতিনী আকাঙ্খা দাসে বিভিন্ন শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।অনবৰতে শাৰিৰীক মানসিক অত্যাচাৰ চলাই বৃদ্ধা গৰাকীৰ ওপৰত । বিনা কাৰণত বৃদ্ধা গৰাকীক চৰ ভুকু লাঠিৰে অত্যাচাৰ কৰে এই বয়সত । বিগত বিশ বছৰে স্বামী হীনা মহিলা গৰাকীয়ে নিজে ৰান্ধি খোৱা লোৱা কৰে যদিও এওঁলোকৰ অত্যাচাৰত সময়ে সময়ে লঘোণে থাকিব লগা হয় বুলিও অভিযোগ তেওঁৰ। এনেদৰে বছৰৰ পিচত বছৰ ধৰি নিৰ্যাতন সহ্য কৰি দিন পাৰ কৰিছিল বৃদ্ধাগৰাকী।অত্যাচাৰ চৰম সীমাত উপনীত হোৱাত যোৱা ৯ জুনত বৃদ্ধা গৰাকীয়ে নিজ গৃহ ত্যাগ কৰি আশ্ৰয় লয় মাতৃৰ পৰিয়ালত।শেষত উপায়ন্তৰ হৈ পুত্ৰ বোৱাৰী নাতিনীৰ বিৰুদ্ধে ১৮ জুনত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দি বৃদ্ধাশ্ৰমত শেষ আশ্ৰয় লোৱাৰ ইচ্ছা প্ৰকাশ কৰে আৰক্ষীৰ ওচৰত। ইতিমধ্যে আৰক্ষীয়ে ৮০/২২ গোচৰ ৰুজু কৰি বৃদ্ধা গৰাকীৰ বিবাহিতা জীয়ৰি সুৰমা দাসৰ জিম্মাত দিয়ে।ইফালে সকলো ঘটনা জানিও নিৰ্দিষ্ট দুৰত্বত অৱস্হান কৰিছে বৃদ্ধা গৰাকীৰ দ্বিতীয় পুত্ৰ ৰঞ্জিত দাসে।

বৃদ্ধা গৰাকীৰ দুৰৱস্থাৰ বাবে সমানে জগৰীয়া ৰঞ্জিত দাসো ।তেওঁকো আইনৰ আওঁতাত আনিবলৈ আৰক্ষীক দাবী জনাই চুবুৰীবাসী ৰাইজে।এগৰাকী জন্মদাত্ৰী মাতৃৰ দুটাকৈ পুত্ৰ সন্তান থাকোতে জীৱন শেষৰ সময়চোৱাত বৃদ্ধাশ্ৰমত থাকিব লগা পৰিবেশ সৃষ্টি হোৱাতো গৰ্হিত আৰু লজ্জাজনক বুলি মন্তব্য কৰিছে সচেতন ৰাইজে। ইয়াৰ উচিত বিচাৰ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়।

Related Articles