Breaking

পুত্ৰ এতিয়া ছুপাৰষ্টাৰ, কিন্তু দেউতাক এতিয়াও বাছ চালক….

0 2,120

ভাৰতীয় চলচ্চিত্ৰ জগতত খলকনিৰ সৃষ্টি কৰা কেজিএফ চেপ্তাৰ-২এ ১ মাহ পূৰ্বে মুক্তি লাভ কৰিছিল। ছবিখনে ইতিমধ্যে বক্স অফিচত সফল ছবিৰূপে পৰিগণিত হৈছে। আৰু এই ছবিখনৰ বাবে দক্ষিণৰ ছুপাৰষ্টাৰ য়শ দেশৰ আইকন হৈ পৰিছিল। মধ্যবিত্ত পৰিয়ালৰ পুত্ৰ য়শে সংগ্ৰাম কৰি সফলতা অৰ্জন কৰিছে। য়শৰ দেউতাক পেছাত এজন বাছ চালক আছিল। তাৰ মাজতে এতিয়া আন এক ৰহস্য পোহৰলৈ আহিছে! যশৰ দেউতাক অৰুণ কুমাৰে তেওঁৰ পুত্ৰ ছুপাৰষ্টাৰ হোৱা পিছতো বাছ চলাবলৈ এৰি দিয়া নাছিল। অৰুণ কুমাৰ এতিয়াও কেৰেলা ৰাজ্যিক পৰিবহণ বিভাগৰ এজন বাছ চালক।

এই কথাটো শেহতীয়াকৈ পৰিচালক এছ এছ ৰাজামৌলীয়ে ৰাজহুৱা কৰিছে। এক অনুষ্ঠানত RRRৰ পৰিচালকজনে কয়, য়শৰ দেউতাক এজন বাছ চালক। তেওঁ এতিয়ালৈকে চাকৰি এৰা নাই। মোৰ মতে, তেওঁহে হৈছে এজন প্ৰকৃত তাৰকা। য়শতকৈ তেওঁৰ অধিক কৃতিত্ব আছে। পুত্ৰ ছুপাৰষ্টাৰ হোৱাৰ পিছতো তেওঁ নিজৰ পৰিচয় পাহৰি নোযোৱাটোৱেই বহুতক অনুপ্ৰাণিত কৰিছে। নবীন কুমাৰ গৌড়া ওৰফে য়শৰ জন্ম ১৯৮৬ চনৰ ৮ জানুৱাৰীত মহীশূৰত হৈছিল। য়শে সৰুৰে পৰা নায়ক হোৱাৰ সপোন দেখি আছিল। যাৰ বাবে তেওঁ স্কুল আৰু কলেজতো অভিনয় কৰিছিল। উল্লেখযোগ্য যে, য়শে ছবিজগতলৈ অহাৰ সুযোগ লাভ কৰাৰ সময়ত মাত্ৰ ৩০০ টকা লৈ ঘৰ এৰিছিল।

Leave A Reply