জাহীৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰা সোণাক্ষীৰ ধৰ্মান্তৰকৰণৰ বিষয়টো প্ৰচাৰ হৈ আহিছে। সঁচাকৈয়ে অভিনেত্ৰীগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছেনে?(Sonakshi Sinha Zaheer Iqbal)
সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালে ২০২৪ বৰ্ষৰ জুনত বিবাহপাশত আবদ্ধ হৈছিল। সোণাক্ষী আৰু জাহীৰৰ বিয়াত কোনো ধৰ্মীয় অনুষ্ঠান নাছিল। আইনী বিবাহৰ পিছত তাৰকা দম্পতীয়ে এক গ্ৰেণ্ড ৰিচেপচনৰ আয়োজন কৰিছিল। সোনাক্ষীৰ বেলেগ ধৰ্মৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ ফলত সিনহা পৰিয়ালৰতো অশান্তিৰ সৃষ্টি হৈছিল। সোনাক্ষীৰ দুই ভাতৃ লৱ আৰু কুশ ভনীয়েকৰ বিয়ালৈ অহা নাছিল। বিয়াৰ পিছৰে পৰা সোনাক্ষীৰ ধৰ্মান্তৰকৰণৰ বিষয়টো চৰ্চালৈ আহিছে। জাহীৰক বিয়া কৰাই অভিনেত্ৰীগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলগীয়া হ’ল নেকি বুলি মানুহৰ প্ৰশ্ন?
সোণাক্ষী আৰু জাহীৰৰ ইজনৰ সিজনৰ প্ৰতি থকা প্ৰেমৰ বাবেই বিয়া হৈছিল, গতিকে তেওঁলোকৰ মাজত ধৰ্মৰ আলোচনা হোৱা নাছিল। শত্ৰুঘন সিনহা কন্যা সোণাক্ষীয়ে স্পষ্টকৈ ক’লে, “দুজন মানুহে ইজনে সিজনক ভাল পাই, সেইবাবেই বিয়া হৈছে।” আমাৰ সম্পৰ্কত ধৰ্ম কেতিয়াও বাধা হৈ অহা নাই। মই যেনেকৈ তেওঁৰ ধৰ্মক সন্মান কৰো, মোৰ ধৰ্মৰ প্ৰতিও তেওঁৰ একেই অনুভৱ। বিশেষ বিবাহ আইন অনুসৰি আমাৰ বিয়া হৈছিল। ধৰ্মান্তৰ হোৱাৰ কোনো প্ৰশ্নই নাই।”