Sonam Raghuvanshi: ফোনত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাৰ সৈতে কথা পাতিছিল সোনমে, পোহৰলৈ আহিছে সঞ্জয় ভাৰ্মাৰ নাম!

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে পুনৰ ডাঙৰ তথ্য প্ৰকাশ কৰিছে।(Sonam Raghuvanshi) সোনম ৰঘুবংশীয়ে ঘণ্টাৰ পিছত ঘণ্টা ফোনত কথা পাতি থকা ব্যক্তিজন আন কোনো নহয়, ৰাজো নহয় তেন্তে কোন?

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত প্ৰতিদিনে আৰক্ষীয়ে নতুন নতুন নতুন তথ্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ ৰাজাৰ পত্নী সোনম ৰঘুবংশীৰ ফোন কলৰ সবিশেষ তদন্ত কৰি থাকোঁতে ‘সঞ্জয় ভাৰ্মা’ নামৰ এটা নম্বৰ পোহৰলৈ আহে, যাৰ লগত সোনমে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল। এই সঞ্জয় ভাৰ্মাক লৈ আৰক্ষীয়ে সোণমক সোধা-পোছা কৰাৰ সময়ত সোনমে এটা চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিছিল যে তেওঁ আন কোনো নহয়, সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা, আগতে ৰাজা নম্বৰটো ‘সঞ্জয় ভাৰ্মা’ৰ নামত ব্যৱহাৰ কৰিছিল। এই নতুন প্ৰমাণৰ ভিত্তিত এতিয়া আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

সোনমে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি থকা ব্যক্তিজনক চিনাক্ত কৰা হৈছে। তেওঁ আন কোনো নহয় সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা। এই কথা নিশ্চিত কৰিছে মেঘালয় আৰক্ষীৰ আৰক্ষী অধীক্ষকে। তথ্য অনুসৰি যেতিয়া আৰক্ষীয়ে সোনমৰ দুয়োটা নম্বৰৰ কল ডিটেইল উলিয়াই আনে তেতিয়া সঞ্জয় ভাৰ্মাৰ নামত এটা নম্বৰ পোৱা যায়, য’ত সোনমে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল। সঞ্জয় ভাৰ্মাক সন্দৰ্ভত সোনামক সোধা-পোছা কৰাত সোনমে আৰক্ষীক কয় যে ৰাজ সঞ্জয় ভাৰ্মা। ৰাজে আগতে সঞ্জয় ভাৰ্মাৰ নামত নম্বৰটো চলাইছিল।

আপোনালোকক জনাওঁ যে মেঘালয় আৰক্ষীয়ে ৰাজা হত্যাকাণ্ডৰ সমগ্ৰ গোচৰৰ পুংখানুপুংখ ভাৱে তদন্ত কৰি আছে। বুধবাৰে আৰক্ষীৰ দলটোৱে ইন্দোৰৰ সোণমৰ ঘৰত উপস্থিত হয়। আৰক্ষী বিষয়াই বন্ধ কোঠাত তেওঁৰ মাতৃ আৰু ভাতৃ গোবিন্দক জেৰা কৰিছিল। কেৱল এয়াই নহয়, শিলচৰ আৰক্ষী আৰু অপৰাধ শাখাৰ দলো ৰাজ কুশৱাহাৰ ঘৰত উপস্থিত হয়।

আনহাতে আজি অভিযুক্ত আটাইকেইজনক শিলচৰ আদালতত হাজিৰ কৰোৱা হ’ব।

Related Articles