৯ জুন — Sonam Raghuwanshi ১৭ দিনীয়া এক নাটকৰ অৱশেষত যৱনিকা পৰিল। স্বামীহন্তা সোনম ৰঘুবংশীয়ে নিজে লিখা, পৰিকল্পনা কৰা আৰু মঞ্চস্থ কৰা এই হৃদয়বিদাৰক নাটকৰ অন্তত মেঘালয় আৰক্ষীয়ে তেওঁক গাজিপুৰৰ এটি ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰে। এই সময়ত তেওঁৰ সৈতে আছিল পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহা আৰু আন দুজন হত্যাকাৰী।
২০২৫ চনৰ ১১ মে’ তাৰিখে ইন্দোৰত উলহ-মালহেৰে বিবাহ হৈছিল ৰাজা ৰঘুবংশী আৰু সোনমৰ। বিয়াৰ মাত্ৰ ১২ দিনৰ পাছতে ২৩ মে’ তাৰিখে তেওলোক হানিমুনৰ বাবে আহিছিল শ্বিলঙ আৰু চেৰাপুঞ্জীলৈ। ২৩ মে’ই আছিল তেওলোকৰ হানিমুনৰ শেষ দিন।

সেই দিনা দুপৰীয়া ১:১৩ বজাত ৰাজাই তেওঁৰ মাতৃৰ সৈতে ২ মিনিট ১৮ ছেকেণ্ড কথা পাতিছিল। তাৰ কিছু সময় আগতেই নিশা ১২:৩৭ বজাত সোনমে তেওঁলোকৰ শাহুৱেকৰ সৈতে ২ মিনিট ৪ ছেকেণ্ড ফোনত কথা পাতিছিল। তাৰ পাছতেই দুয়ো সন্ধানহীন হৈ পৰে।

২ জুনত চেৰাপুঞ্জীৰ দ’ খাৱৈৰ পৰা উদ্ধাৰ হয় ৰাজাৰ মৃতদেহ। তাৰ আগতেই সোনমৰ জাকেট এখন পোৱা গৈছিল খাৱৈৰ দাঁতিত, য’ত আছিল ৰক্তৰ দাগ। ইয়াৰ পাছতেই আৰক্ষীয়ে সন্দেহৰ সূত্ৰপাত কৰে।
পলাতক অৱস্থাত থকা সোনমক গাজিপুৰত এজন ধাবাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, য’ত তেওঁ নিজৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহা আৰু আন দুজন অভিযুক্তৰ সৈতে লুকাইছিল। সোনমে আৰক্ষীৰ সোধা-পোচাত স্বীকাৰ কৰে যে তেওঁ নিজে স্বামীক হত্যাৰ পৰিকল্পনা কৰিছিল আৰু চুপাৰী দি ৰাজ কুশৱাহাৰ সহায়ত চেৰাপুঞ্জীত ৰাজাক হত্যা কৰা হৈছিল।
এই হত্যাকাণ্ডত জড়িত ৰাজ কুশৱাহাকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে। ঘটনাৰ পিচত সোনমৰ পৰিয়ালে এই সমগ্ৰ ঘটনাত কোনো ‘তৃতীয় পক্ষ’ জড়িত থকাৰ আশঙ্কা প্ৰকাশ কৰিছে আৰু দোষ আৰোপ কৰিছে আৰক্ষীৰ ওপৰতে।
বৰ্তমান এই ‘হানিমুন হত্যাকাণ্ড’য়ে সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু অধিক বিস্ফোৰক তথ্য অহা দিনত পোহৰলৈ আহাৰ সম্ভাৱনা।