ছেৰাপুঞ্জীৰ হানিমুন হত্যাকাণ্ডত চাঞ্চল্যকৰ তথ্য: পত্নী সোনমেৰে ৰাজাক হত্যা কৰিবলৈ দিছিল চুপাৰী, ৪ অভিযুক্ত গ্ৰেপ্তাৰ । Sonam Raghuwanshi Arrested

৯ জুন — Sonam Raghuwanshi Arrested মেঘালয়ৰ ছেৰাপুঞ্জীত সংঘটিত ভয়ংকৰ হানিমুন হত্যাকাণ্ডত অবশেষত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত পত্নী সোনম ৰঘুবংশীয়েই মূল চক্ৰান্তকাৰী বুলি মেঘালয় আৰক্ষীয়ে জানিবলৈ দিয়ে। স্বামীক হত্যা কৰিবলৈ সোনমে আগতে পৰিকল্পনা কৰি ‘চুপাৰী’ দিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

২৩ মে’ত হানিমুনৰ বাবে ছেৰাপুঞ্জীলৈ অহা ইন্দোৰৰ নৱবিবাহিত দম্পতিটোৰ আনন্দ ভ্ৰমণ ২ জুন তাৰিখে মৃত্যু-দৃশ্যত পৰিণত হয়, যেতিয়া দ’ খাৱৈৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পাছৰে পৰাই সোনম ৰঘুবংশীৰ সন্ধান নাছিল আৰু ১৭ দিন পলাতক থাকি অৱশেষত উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰে সোনমে।

মেঘালয় আৰক্ষীৰ সঞ্চালক প্ৰধান ইদাশিশা নংৰাঙে সদৰী মতে, ৰাজাৰ হত্যাকাণ্ডত জড়িত অভিযোগত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে — যাৰ ভিতৰত এজন গাজীপুৰৰ পৰা আৰু অন্য দুজনক মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আন এজন অভিযুক্তক গৰিহণা অভিযান চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে।

এই হত্যাকাণ্ডৰ বিষয়ে টুইট কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় —
“মেঘালয় আৰক্ষীয়ে ৰাজা হত্যাকাণ্ডৰ গোচৰত ৭ দিনৰ ভিতৰত এক বৃহৎ সফলতা লাভ কৰিছে… মধ্যপ্ৰদেশৰ পৰা ৩ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে, মহিলাগৰাকীয়ে আত্মসমৰ্পণ কৰিছে আৰু আন ১ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ অভিযান এতিয়াও অব্যাহত আছে… ভাল কাম কৰিছে…”

এই ঘটনা মেঘালয় তথা সমগ্ৰ দেশত তীব্ৰ আলোড়ন সৃষ্টি কৰিছে। বৰ্তমানত তদন্ত পূৰ্ণদমে চলি আছে আৰু আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডৰ পেছত থকা মৰ্ম উন্মোচন কৰিবলৈ কেলেপেলীয়া অনুসন্ধান আৰম্ভ কৰিছে।

Related Articles