সোণতলীত বিধায়িকা নন্দিতা দাস মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদঃ সোণতলী -ছমৰীয়া সত্ৰ- বকো গড়কাপ্তানী পথৰ জৰাজীৰ্ণ ৰূপত অতিষ্ঠ সৰ্বসাধাৰণ ৰাইজঃ দুই লাইনযুক্ত পথৰ দাবীত অৱস্থান ধৰ্মঘট

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী মৌজাবাসী ৰাইজে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰাই যমৰ-যাতনা ভোগ কৰি আহিছে ৷ বৃহত্তৰ সোণতলী অঞ্চলবাসী ৰাইজৰ উপৰিও বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰাঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত একমাত্ৰ পথ হৈছে সোণতলী-ছমৰীয়া-বকো গড়কাপ্তানী পথ৷ উল্লেখিত পথটো নিৰ্মান কৰাৰ পিছৰে পৰাই সুদীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ ফলত সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে ৷ গড়কাপ্তানী পথটো অতিকৈ ঠেক হোৱাৰ লগতে যাতায়াতৰ ক্ষেত্ৰত পথচাৰীয়ে বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে৷ গড়কাপ্তানী পথটোৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰতো দুৰ্বিসহ হৈ পৰিছে৷ দৈনিক হাজাৰ হাজাৰ মানুহে পথটোৰে যমৰ-যাতনা ভোগ কৰি যাতায়াত অব্যাহত ৰাখিব লগীয়া হৈছে যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গড়কাপ্তানী পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই৷ স্থানীয় ৰাইজ তথা স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে দুৰ্বিসহভাৱে পথটোৰে যাতায়াত কৰিব লগীয়া হোৱা বাবে স্থানীয় ৰাইজে বকো সমষ্টিৰ বিধায়িকাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো অৱগত কৰিছে যদিও কোনো এটা পক্ষয়েও পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহন কৰা নাই৷

স্থানীয় ৰাইজে গড়কাপ্তানী পথটো দুই লাইনযুক্ত কৰি পুনৰ নিৰ্মানৰ বাবে সময়ে সময়ে দাবী উত্থাপন কৰাৰ পিছতো কোনো এটা পক্ষয়েও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত আজি সোণতলীত স্থানীয় ৰাইজে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ আজি দিনৰ ১১ বজাৰ পৰা দিনৰ এক বজালৈ সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখত স্থানীয় সচেতন ৰাইজে সোণতলী-ছমৰীয়া-বকো গড়কাপ্তানী পথটো দুই লাইনযুক্ত কৰি পুনৰ দাবী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ডলৈ বিধায়িকা নন্দিতা দাস হায় হায়, অকৰ্মন্য বিধায়িকা মুৰ্দাবাদ, নন্দিতা দাস গো বেগ, সাংসদ কুইন ওজা হায় হায়, কুইন ওজা মুৰ্দাবাদ, গড়কাপ্তানী মন্ত্ৰী মুৰ্দাবাদ, গড়কাপ্তানী পথটো দুই লাইনযুক্ত কৰিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিবই লাগিব আদি ধ্বনি দি সোণতলীৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ আজিৰ এই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত , ৰহমত উল্লাহ, আশ্বিক জিয়াউল ৰহমান, , আমছুৰ কামৰূপ জিলা সমিতিৰ সম্পাদক ইয়াছিন আলী, ইমাম কাউন্সিলৰ ৰাজ্যিক কোষাধ্যক্ষ জাহিদুল ইছলাম, মিঞা পৰিষদৰ ৰাজ্যিক সম্পাদক এম মুক্তাৰ মণ্ডল লগতে স্থানীয় ভালেসংখ্যক ৰাইজে কাৰ্যসূচীত অংশ গ্ৰহন কৰে ৷ দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ পিছত প্ৰতিবাদকাৰী সকলে সোণতলী-ছমৰীয়া-বকো গড়কাপ্তানী পথটো দুই লাইনযুক্ত কৰি পুনৰ নিৰ্মান কৰিবলৈ এখন স্মাৰক-পত্ৰ সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

Related Articles