Breaking

সোণতলী আঞ্চলিক বিজ্ঞান একাডেমীৰ দ্বাৰ মুকলি, শিক্ষাৰ্থীক বিনামূলীয়া পাঠদান…

0 59

কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি এখন বিজ্ঞান একাডেমীৰ দ্বাৰ মুকলি কৰা হয়।সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত”সোণতলী আঞ্চলিক বিজ্ঞান একাডেমী”নামেৰে উচ্চতৰ মাধ্যমিক বিজ্ঞাণ শাখাৰ দ্বাৰ মুকলি কৰে সোণতলী আঞ্চলিক বিজ্ঞান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জাহিদুল ইছলামে। শ্ৰেণী কোঠাৰ দ্বাৰ মুকলি কৰাৰ পাছত জাহিদুল ইছলামৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়।

উক্ত সভাত বিজ্ঞান একাডেমীৰ নৱ নিযুক্ত অধ্যক্ষ ৰহমত উল্লাহ উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে সোণতলী অঞ্চলৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হ’বলৈ গৈ আছে। উল্লেখ্য যে সোণতলী অঞ্চলত বহু বছৰ পূৰ্বে এখন উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা স্থাপন কৰিব লাগিছিল।কিন্ত সেই সময়ত সোণতলীত বিজ্ঞান শাখাত পঢ়িবলৈ কোনো সুবিধা নথকাৰ বাবে এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে দুৰ-দূৰণিত পঢ়িব লগীয়া হৈছিল। বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ ইচ্ছা থাকিলেও ধনৰ অভাৱত পঢ়িবলৈ সক্ষম হোৱা নাছিল। এই অনুষ্ঠানৰ জৰিয়তে বৃহত্তৰ সোণতলী অঞ্চলৰ দুখীয়া তথা মেধাবী ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া ভাবে বিজ্ঞান শাখাত পঢ়িবলৈ সুবিধা পাব।

জানিব পৰা মতে উক্ত অনুষ্ঠান খন সোণতলী আঞ্চলিক বিজ্ঞান মহাবিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে পৰিচালিত হ’ব। উক্ত অনুষ্ঠাত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আশ্ৰাফ উদ্দিন আহমেদ, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সহ অধ্যাপক ইয়াছিন আলী,

সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আমজাদ হুছেইন চৌধুৰী, সোণতলী আঞ্চলিক বিজ্ঞাণ মহাবিদ্যালয় পৰিচালনা সমাতিৰ সম্পাদক আহম্মদ উল্লাহ চৌধুৰী, মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল হক, অৱসৰ প্ৰাপ্ত শিক্ষক ক্ৰমে ফজলুৰ ৰহমান, আনোৱাৰ হুছেইন, অৱসৰ প্ৰাপ্ত কাৰ্যালয় সহায়ক স্বাহজাহান আলী, সমাজ কৰ্মী তজিম উদ্দিন আহমেদৰ লগতে সমাজ কৰ্মী মজিবৰ ৰহমান মণ্ডল উপস্থিত থাকে৷ সোণতলী অঞ্চলত বহুদিনীয়া সপোন বাস্তৱায়িত হোৱাত অভিভাৱক, শিক্ষাৰ্থীৰ লগতে সচেতন মহলে উৎফুল্লিত হৈ পৰিছে।

Leave A Reply