হাজো – ২৭ জানুৱাৰী – ১৯৭৩ চনত অৱসৰী শিক্ষক ধনেশ্বৰ দাসৰ সভাপতিত্বত গঠন হোৱা হাজো ক্ৰীড়া সন্থাৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হোৱা হাজো ক্ৰীড়া সন্থাৰ দ্বি বাৰ্ষিক সোণালী জয়ন্তী মহোৎসৱৰ শনিবাৰে সামৰণি পৰে। ২০২৩ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে সুৰেন দাস মহাবিদ্যালয়ত আৰম্ভ হোৱা হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান ২৫ জানুৱাৰীত অনুষ্ঠিত হয় হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। এই সময়চোৱাত বিভিন্ন ক্ৰীড়া কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সামৰণি অনুষ্ঠানত হাজোৰ কেইবাগৰাকীও প্ৰতিভাৱন খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। Hajo Sports Association ।

আনহাতে একাধিক প্ৰবীণ খেলুৱৈকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম অলিম্পক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, অসম মল্লযুঁজ সন্থাৰ উপ সভাপতি গীতাৰ্থ দাস উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা দহ বজাত কাৰ্যকৰী সভাপতি শৰৎ নায়কে আঁত ধৰা অনুষ্ঠানত লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্রতিমূর্ত্তিত মাল্যার্পণ ও বন্তি প্রজ্বলন কৰে সমাজকৰ্মী নুৰ মহম্মদে। তাৰ পিছতে সোণালী জয়ন্তী মহোৎসব উপলক্ষে ৫০ খন পতাকা হাজোৰ ভিন্ন ক্ষেত্ৰৰ পঞ্চাশগৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে । পৰিয়ালৰ সদস্যৰ উপস্থিতিত পুৱা এঘাৰ বজাত হাজো ক্রীড়া সন্থাৰ সক্রিয় সদস্য সদ্যপ্রয়াত পংকজ শৰ্মাৰ প্রতিচ্ছবিত মাল্যার্পণ ও বন্তি প্রজ্বলন কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাসে।

দিনৰ বাৰ বজাৰ পৰা অনুষ্ঠিত হয় ৰছী টনা, বেডমিন্টন, ভলীবল, কাৰাটে, মল্লযুঁজ আৰু মহিলাৰ প্ৰদৰ্শনীমূলক ফুটবল খেল। সোণালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়া ছয় বজাৰ পৰা অনুষ্ঠিত খেলুৱৈ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা হাজো ক্ৰীড়া সন্থাৰ সভাপতি দিপাংকৰ মজুমদাৰে। এই অনুষ্ঠানত উপস্থিত থকা অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰক আদৰণি জনায় উদযাপন সমিতিৰ সভাপতি তথা অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ৰাতুল শৰ্মাই। আনহাতে যুৱনেতা তথা সমাজকৰ্মী প্ৰকাশ চন্দ্ৰ দাসে মুকলি কৰা সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোড়, ভৃগু কাশ্যপ আৰু কল্লোল বৰঠাকুৰে।
১৯৭৩ চনত স্থাপিত হাজো ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসে নিজৰ ভাষণত হাজো ক্ৰীড়া সন্থাৰ ইতিহাস বৰ্ণনা কৰি নষ্টালজিক হৈ পৰে। আনহাতে বৰ্তমানৰ সভাপতি দিপাংকৰ মজুমদাৰৰ নেতৃত্বত চলা হাজো ক্ৰীড়াক প্ৰশংসা কৰে প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসে।