বৰপেটাত মহাত্মা গান্ধীক লৈ ৰচিত গীত উন্মোচন

মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জয়ন্তী উপলক্ষে আজি বৰপেটা জিলাতো জাতিৰ পিতাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। পুৱা ৮ বজাতে তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে গান্ধী ভজন পৰিবেশন কৰা হয়। ইয়াৰ পিছতে ১০ বজাত বৰপেটা পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মূখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে মাল্যাৰ্পন কৰে। অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আদিয়েও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে সৰ্থেবাৰী উচ্চ আদৰ্শ বিদ্যাপীঠৰ শিক্ষক  দীপংকৰ ডেকাই গান্ধীজীৰ সোঁৱৰণত ৰচনা কৰা এটি সমবেত কন্ঠৰ অনুপম গীতৰ অডিও-ভিডিও সফুৰা উপায়ুক্ত‌ই আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, মহাত্মা গান্ধীৰ  আৰ্দশৰ প্ৰাসঙ্গিকতা সকলো সময়তে অটুট হৈ থাকে। ডেকাৰ ৰচিত গীতটিয়ে এখন সুন্দৰ সমাজৰ বাবে গান্ধীজীৰ মহান আদৰ্শৰ অপৰিহাৰ্যতাকে সবল ৰূপত প্ৰতিপন্ন কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত গীতিকাৰ দীপংকৰ ডেকাৰ গীতত ইতিমধ্যে অসমৰ জুবিন গাৰ্গ, পুলক বেনাৰ্জী প্ৰমুখ্যে বহুতো আগশাৰীৰ শিল্পীয়ে কন্ঠদান কৰিছে। আজি মুকলি কৰা গীতটিত সুৰ দিছে বিশিষ্ট সুৰকাৰ ৰমেন দাসে। কন্ঠদান কৰিছে সৰ্থেবাৰী অঞ্চলৰে নয়ন দাস, দিগন্ত দাস, দিশা দাস আৰু থিমাম দাসে। অনুষ্ঠানত গীতিকাৰ আৰু শিল্পী সকলো উপস্থিত থাকে। এই অনুষ্ঠানৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিচ্ছৱিৰ সন্মূখত উপায়ুক্ত ভূষালে বন্তি প্ৰজ্বলন কৰে। ইফালে গান্ধী জন্মদিনৰ সৈতে সংগতি ৰাখি আজি বৰপেটা জিলাতো ব্যাপক কোভিড টীকাকৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে য’ত একেদিনাই ৫৩২০০ জনক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই অভিলাষী লক্ষ্য আহৰণৰ বাবে জিলাখনত ২৫৭ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হয়। একেটা উপলক্ষতে বৰপেটা জিলাতো কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ নিকটতম আত্মীয়ক এককালিন অৰ্থ সাহাৰ্য প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰাৰ্থনা শীৰ্ষক আঁচনিৰো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয়। ইফালে বৰপেটাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ৰংমন ফেন ক্লাৱৰ উদ্যোগত আজি গান্ধী জয়ন্তী উপলক্ষে ছাফাই অভিযান চলোৱা হয়। চাউলখোৱা শ্মশানৰ কাষত পৌৰ সভাৰ জাৱৰ পেলোৱা ঠাই সংগঠনটোৰ কৰ্মী সকলে পৰিস্কাৰ কৰে।

Related Articles