Sonia Gandhi: নাগৰিকত্ব বিষয়ত কংগ্ৰেছে লাভ কৰিলে সকাহ, আদালতে খাৰিজ কৰিলে ছোনিয়াৰ বিৰুদ্ধে গোচৰ

ভাৰতৰ নাগৰিক হোৱাৰ (Sonia Gandhi) পূৰ্বে ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম আছিল! বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত দিল্লী আদালতত গোচৰ ৰুজু কৰা হৈছিল । অৱশ্যে বৃহস্পতিবাৰে আদালতে এই গোচৰ খাৰিজ কৰে। অৱশ্যে আদালতৰ সম্পূৰ্ণ ৰায়দান এতিয়াও জানিব পৰা হোৱা নাই।মালৱিয়াৰ বাহিৰেও বিজেপি নেতা অনুৰাগ ঠাকুৰে ভাৰতীয় নাগৰিকত্ব পোৱাৰ পূৰ্বে ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত থকা বুলি দাবী কৰিছিল। গেৰুৱা শিবিৰৰ দাবী যে ১৯৮০ চনত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।যদিও তিনি বছৰৰ পিছতহে তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল। মালৱিয়াই নিজৰ এক্স হেণ্ডেলত ১৯৮০ চনত দিল্লীৰ এটা বুথৰ তালিকাৰ ছবি পোষ্ট কৰিছিল। সেই তালিকাত ছোনিয়া গান্ধীৰ নাম দেখা গৈছিল। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সঞ্জয় গান্ধী, আৰু মানেকা গান্ধীৰ নামো আছে।মালৱিয়াই দাবী কৰে যে ১৯৮০ চনৰ ভোটাৰ তালিকা সংশোধন কৰাৰ সময়ত ছোনিয়াৰ নাম সংযোজন কৰা হৈছিল। যদিও ১৯৮২ চনত ৰাজহুৱা বিৰোধিতাৰ বাবে তেওঁৰ নাম আঁতৰাই দিয়া হৈছিল, তথাপিও ১৯৮৩ চনৰ জানুৱাৰী মাহত তেওঁক পুনৰ তালিকাভুক্ত কৰা হৈছিল।কিন্তু ১৯৮৩ চনৰ এপ্ৰিল মাহত ছোনিয়াই ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল।মালভিয়াৰ মতে, ছোনিয়াৰ নাম অবৈধভাৱে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। লগতে তেওঁ দাবী কৰে যে এই কাৰণেই ৰাহুল গান্ধীয়ে এছআইআৰৰ বিৰোধিতা কৰি অবৈধ ভোটাৰক ভোটাধিকাৰ দিবলৈ চেষ্টা কৰিছে।বিজেপি নেতাৰ এই মন্তব্যৰ আধাৰত বিকাশ ত্ৰিপাঠীয়ে দিল্লীৰ ৰাউজ এভিনিউ আদালতত গোচৰ ৰুজু কৰে। কিন্তু ন্যায়াধীশ বৈভৱ চৌৰাছিয়াই এই আবেদন খাৰিজ কৰে। বিকাশে দাবী জনাইছে যে আদালতে ছোনিয়াৰ নাগৰিকত্বৰ বিষয়ত এফআইআৰ দাখিলৰ নিৰ্দেশ দিব লাগে। কিন্তু এই আবেদন খাৰিজ কৰিছে নিম্ন ন্যায়ালয়ে। কোৱা বাহুল্য যে এছ আই আৰক লৈ বিতৰ্কৰ মাজতে আদালতৰ এই ৰায়দানৰ পিছত ছোনিয়া গান্ধীকে ধৰি কংগ্ৰেছে স্বস্তিৰে উশাহ ল’ব পাৰিব ।

Related Articles