গুৰুতৰ ভাৱে অসুস্থ কাৰেংঘৰ থিয়েটাৰৰ প্ৰযোজক সোনমণি দত্ত

বিশিষ্ট সাংবাদিক, সাংস্কৃতিক কৰ্মী, কাৰেংঘৰ থিয়েটাৰৰ‌ প্ৰযোজক সোণমণি দত্ত যোৱা ৬ ছেপ্তেম্বৰৰ‌ পৰা গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটীৰ হেলথচিটি হাস্পতাল আই.চি.ইউত ভৰ্ত্তি হৈ আছে। সাংবাদিক গৰাকীক প্ৰথমে দিশপুৰ হাস্পতালৰ আই.চি.ইউত ভৰ্ত্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি হোৱাত হেলথচিটিলৈ স্থানান্তৰিত কৰা হয়। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সোণমণি দত্তই শিৱসাগৰৰ পৰা প্ৰকাশিত কলম কাকত সম্পাদনা কৰাৰ ওপৰিও সাপ্তাহিক কৃষকবন্ধু,অসম সেতু, সূৰ্য,স্বাভিমান, দৈনিক বাতৰি কাকত আদি কাকত আলোচনীৰ সম্পাদনা কৰাৰ লগতে অসমীয়া প্ৰতিদিন “আজি” বুধবাৰ আদি বিভিন্ন কাকতলৈ সাংবাদ সেৱা আগবঢ়াই আছিল আৰু বৰ্তমানো NEWS 24 নৰ্থ ইষ্ট নামৰ চেনেল এটাৰো মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰি আছিল। অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ আগশাৰীৰ নাট্যদল কাৰেংঘৰ থিয়েটাৰৰ প্ৰয়োজক সোণমণি দত্তই কাৰেংঘৰ থিয়েটাৰৰ যোগেদি বিভিন্ন গণমুখী কাম-কাজৰ লগতে নিজে ৰচনা কৰা নাটকৰ যোগেদি এক নতুন সোৱাদ কঢ়িয়াই আনিছিল নাট্যজগতলৈ।

Related Articles