Breaking

সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদক সাংবিধানিক মৰ্য্যদা প্ৰদানৰ দাবী সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ…

0 23

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্য্যদা প্ৰদানৰ দাবী সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ

সোনোৱাল কছাৰী সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাইছে সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাই। প্ৰেছ বিবৃতি জৰিয়তে সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেবানদ চেলেং আৰু সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱালে কয় অসমৰ অন্যতম খিলঞ্জীয়া-ভূমিপুত্ৰ সোনোৱাল কছাৰী সকলৰ ৰাজনৈতিক, আৰ্থ-সামাজিক,সাংস্কৃতিক, শৈক্ষিক, ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে আশীৰ দশকৰ পৰাই জনগোষ্ঠীয়ে গণতান্ত্ৰিক সংগ্ৰাম কৰি আহিছে।দীৰ্ঘদিনদিনীয়া সংগ্ৰামৰ ফলশ্ৰুতিত ২০০৫ চনৰ ৪ মাৰ্চত উপ গ্ৰহৰীয় পদ্ধতিৰে অসম চৰকাৰৰ আইনৰ অধীনত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰে। অতি পৰিতাপৰ বিষয় যে ইতিমধ্যে লাভ কৰা সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখন সাংবিধানিক মৰ্যাদাযুক্ত নোহোৱাৰ বাবে বিত্তীয় বিধায়িনী ক্ষমতা নাই

আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজি লাভ কৰিবলৈ সক্ষম হোৱা নাই।যাৰবাবে জনগোষ্ঠীটোক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ অপাৰগ হৈছে। ইয়াৰোপৰি অতি প্ৰাচীন কালৰে পৰা অসম মূলূকত বসবাস কৰি অহা সোনোৱাল কছাৰী সকল বিভিন্ন সমস্যাৰে জৰ্জৰিত। শিক্ষা, নিৱনুৱা, কৃষি,যাতায়ত, বান-খহনীয়া আদি সমস্যাৰ মাজত জীৱন অতিবাহিত কৰিব হৈ আহিছে। অসমৰ অন্যতম খিলঞ্জীয়া, ভূমিপুত্ৰ সোনোৱাল কছাৰী সকলৰ স্বকীয় পৰিছয়,সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক, ভূমিৰ অধিকাৰ সুৰক্ষাৰ বাবে চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাই দাবী জনাইছে।

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদানৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা,সোনোৱাল কছাৰী সকলৰ ঐতিহ্য ক্ষেত্ৰ সমূহৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা হাতত লোৱা,অসমৰ বিশ্ববিদ্যালয়ত সোনোৱাল কছাৰী সকলৰ আদি গুৰু “গজাই গুৰু” আসন ব্যৱস্থা কৰা,সাহিত্যিক গগন চন্দ্ৰ সোনোৱাল সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰা,সোনোৱাল কছাৰী ক’লাক্ষেত্ৰ নিৰ্মাণ কৰা, ভূমিপুত্ৰ জনজাতি সোনোৱাল কছাৰী সকলৰ ভূমিৰ সমস্যা সমাধানৰ আশু সমাধান কৰা দাবী সমূহ সন্নিৱিষ্ট আছে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply