প্ৰসিদ্ধ শিল্পীদ্বয় নীলপৱন বৰুৱা আৰু নিপন গোস্বামীৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে গভীৰ শূন্যতা: সৰ্বানন্দ সোণোৱাল

অসমবাসীক ম্ৰিয়মান কৰি পৰলোকগামী হোৱা দুগৰাকী প্ৰসিদ্ধ শিল্পী নীলপৱন বৰুৱা আৰু নিপন গোস্বামীৰ বাসগৃহত আজি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সদ্যপ্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ গুৱাহাটীৰ বেলতলাৰ বাসগৃহত পোনপ্ৰথমে উপস্থিত হৈ সোণোৱালে প্ৰখ্যাত চিত্ৰশিল্পীগৰাকীৰ প্ৰতিচ্ছবিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে তেখেতৰ নিকটাত্মীয়লৈ গভীৰ সমবেদনা জনায়। নীলপৱন বৰুৱাৰ সান্নিধ্য আৰু তেওঁৰ বিশাল শিল্পীসত্তাৰ কথা সুঁৱৰি সোণোৱালে উল্লেখ কৰে, “নীলপৱন বৰুৱাদেৱ এগৰাকী মহান শিল্পীৰ উপৰি সহজ-সৰল ব্যক্তি আছিল যাৰ মানৱীয় প্ৰমূল্যবোধ আৰু হাঁহিমুখীয়া মুখখনে সকলোকে মোহিত কৰিছিল। নিভাঁজ মৰম-চেনেহৰ যোগেদি তেওঁ মানুহৰ হৃদয় জয় কৰিছিল। অনুপম চিত্ৰকলাৰদ্বাৰা তেখেতে অসমৰ লগতে দেশৰ কলা জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গ’ল। নীলপৱন বৰুৱাদেৱ আৰু দীপালী বৰঠাকুৰ বাইদেউৰ প্ৰেম সঁচাকৈয়ে অমৰ আৰু অতুলনীয়। বৰুৱাদেৱে প্ৰকৃতাৰ্থতে প্ৰেমৰ সঠিক মূল্যাঙ্কন কৰি থৈ গ’ল। এনে এগৰাকী মহান শিল্পীক হেৰুৱাই আমি শোকস্তব্ধ হৈ পৰিছোঁ। বৰুৱাদেৱৰ অমূল্য সৃষ্টিৰাজি আমাৰ মাজত সদায়েই জিলিকি থাকিব। আমি শ্ৰদ্ধাৰে সুঁৱৰি যাম তেখেতৰ সান্নিধ্যপূৰ্ণ সোণালী সময়বোৰ।”

ইয়াৰ পাছতেই সৰ্বানন্দ সোণোৱাল উপস্থিত হয় সদ্যপ্ৰয়াত নিপন গোস্বামীৰ শিলপুখুৰীৰ বাসগৃহত। সকলোৰে মৰমৰ শিল্পীগৰাকীৰ প্ৰতি সোণোৱালে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে তেখেতৰ শোকস্তব্ধ পুত্ৰ-বোৱাৰী আৰু নিকটাত্মীয়লৈ সমবেদনা জনায়। প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামীৰ পৰলোক গমনে অসমৰ সাংস্কৃতিক জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “অসমীয়া চিনেমাৰ সোণালী যুগৰ সুদৰ্শন নায়ক নিপন গোস্বামীদেৱৰ কথা মনত পৰিলে বহু মধুৰ স্মৃতিয়ে দোলা দি যায়। তাহানিতে ছুপাৰহিট চিনেমা ‘ডক্টৰ বেজবৰুৱা’ ৰূপালী পৰ্দাত উপভোগ কৰাৰ দিনলৈ মনত পৰিছে। তেতিয়াৰপৰাই নিপনদাৰ আমি অনুৰাগী হৈ পৰিছিলোঁ। পৰৱৰ্তীকালত ছাত্ৰ সংগঠন কৰি থকাৰ সময়ত তেখেতক বিভিন্ন সভা-সমিতিলৈ আমন্ত্ৰণ জনাইছিলোঁ, য’ত তেওঁৰ সৈতে ব্যক্তিগত সান্নিধ্য আৰু সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁ মোক ‘সৰ্বা’ বুলি মাতি ভাতৃৰ দৰে মৰম কৰিছিল। নিপনদা এগৰাকী সাৱলীল অভিনেতাৰ উপৰি প্ৰকৃতাৰ্থতে ভদ্ৰ লোক আছিল। মানুহক তেখেতে সৰলতাপূৰ্ণ আন্তৰিক মনোভাবেৰে আপোন কৰি লৈছিল। তেখেতৰপৰা নতুন প্ৰজন্মই বহু শিকিবলগীয়া আছে। বিশেষকৈ তেখেতৰ নিয়মানুৱৰ্তিতা আৰু পেছাদাৰিত্ব নতুন প্ৰজন্মই অনুসৰণ কৰিবলগীয়া দিশ। নিপনদাৰ সান্নিধ্যপূৰ্ণ মধুৰ স্মৃতি আৰু তেওঁৰ বিশাল শিল্পীসত্তা চিৰসজীৱ হৈ ৰ’ব।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী স্বনামধন্য শিল্পীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

Related Articles