হাজোৰ মনিকুট উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতি ছাত্ৰ ছাত্ৰীক প্ৰেৰনা যোগোৱাৰ উদ্দেশ্যে এখনি অভিনন্দন আৰু ৺ কালী দাস কলিতা ,৺ গোপীবালা কলিতা সোঁৱৰনী বটা প্ৰদান অনুষ্ঠান সম্পণ্ণ ।
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মনিকুট উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন কৃতি ছাত্ৰ ছাত্ৰীক প্ৰেৰনা যোগোৱাৰ উদ্দেশ্যে এখনি অভিনন্দন বটা প্ৰদান অনুষ্ঠান সম্পণ্ণ কৰা হ’য়।
উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন ৫ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক ৺কালী দাস কলিতা আৰু ৺ গোপীবালা কলিতা সোঁৱৰনী বটা প্ৰদান কৰা হ’য়। বটা প্ৰদান কৰে বিশিষ্ট সমাজ সেৱক,চিকিৎসক ডা° হৰেন কলিতাই।
সভাৰ সভাপতিত্ব কৰে নৃপেন ভাগৱতীয়ে ।সভাত প্ৰথম,দ্বিতীয় বিভাগত উত্তীৰ্ন কৃত্ৰি শিক্ষাৰ্থী সকলকো বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱা হ’য়।সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী আৰু একাংশ স্থানীয় ৰাইজ উপস্থিত থাকে।