দক্ষিণ কামৰুপ ছোৱালী মহাবিদ্যালয়ত বিজানু প্ৰতিৰোধক সপ্তাহ পালন

দৈনন্দিন বাৰ্তা সেৱা, কামৰূপঃ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধিনত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত বিজানু প্ৰতিৰোধক সপ্তাহ উদযাপন কৰে৷ মিৰ্জা স্হিত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বুধবাৰে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে মহানগৰীৰ টিবি হাস্পতালৰ জেষ্ঠ্য চৰ্মৰোগ বিশেষজ্ঞ ডা° কনক তালুকদাৰে উপস্থিত থাকি ভাষন প্ৰদান কৰি কয় যে কভিড ১৯ মানুহে সহজ ভাবে লোৱা উচিত নহয়৷

কিয়নো যিটো ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আজিলৈকে ভেকচিন ওলোৱা নাই৷ ভেকচিন উপলব্ধ নোহোৱালৈকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় সাবধানতা আৰু সজাগতা৷ ইয়াৰ বাবেই প্ৰত্যেক ব্যক্তিয়ে সামজিক দুৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰা অতি জৰুজী বুলি ডা° তালুকদাৰে উল্লেখ কৰে৷ তেওঁ লগতে বিজানু পৰা নিজকে বচাই চলিবলৈ প্ৰতিগৰাকী নাগৰিকক ছেনিটাইজাৰ বা চাবোনৰে হাত ধুবলৈ আহ্বান জনায়।

গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত সমল ব্যক্তি হিচাপে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰীয়ে বক্তব্য প্ৰদান কৰি কয় যে ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ হলে আমি নিজে পৰিস্কাৰ -পৰিচন্নতা হ’ব লাগিব ৷ বিশেষকৈ মানুহৰ হাতেৰে বিজানু শৰীৰৰ অন্য অংগলৈ বিয়পি পৰে৷ সেয়া হাত পৰিস্কাৰ কৰি ৰখা অতিকৈ আৱস্যক বুলি ডা° অধিকাৰীয়ে কয়৷ তেওঁ লগতে কয় যে কৰোনা ভাইৰাছৰ পৰা আমি এতিয়াও পৰিত্ৰাণ পোৱা নাই৷

যেতিয়ালৈকে মেডিচিন উপলব্ধ নহয় সেই সময়লৈকে কঠিনতাৰে সাবধনতা অবলম্বন কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে৷ তেওঁ বিজানু প্ৰতিৰোধ সন্দৰ্ভত বহলাই বাখ্যা কৰে। ইপিনে পগ্ৰেম অফিচাৰ তথা অধ্যাপিকা ড°মিতালী কাঠকটীয়াই অনুষ্ঠানত আতধৰে৷ উল্লেখ্য যে অনুষ্ঠানত মহাবিদ্যালয় খনৰ শিক্ষক- শিক্ষাৰ্থী  লগতে প্ৰায় শতাধিক ব্যক্তি উপস্থিত থাকে ৷

Related Articles