Breaking

সমষ্টি পুনৰ নিদ্ধাৰণৰ খচৰা সম্পৰ্কে বিলাসীপাৰাত বিভিন্ন দল-সংগঠনৰ বিশেষ পৰ্যালোচনা সভা

0 76

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃ বৃন্দৰ উপস্থিতিত ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰা সম্পৰ্কে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, সচেতন নাগৰিক তথা বিজ্ঞ ব্যক্তিৰ লগত বিলাসীপাৰাত এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধি দলপতি দেৱব্ৰত শইকীয়া , ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, জাকিৰ হুছেইন শিকদাৰ, ওৱাজেদ আলী চৌধুৰীৰ লগতে দলটোৰ বিভিন্ন নেতা-কৰ্মী আৰু কেইবাটাও দল-সংগঠনৰ বিভিন্ন পৰ্যায়ৰ নেতাৰ ওপৰিও বিজ্ঞ মহল।

উক্ত পৰ্যালোচনা সভা খনত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰা খনৰ বিৰোধিতাৰে পুংখানুপুংখ আলোচনাৰ লগতে কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা দেখা যায়।

আনহাতে উক্ত খচৰা খন যাতে পুনৰ বিবেচনা কৰা হয় তাৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত সমূহীয়াভাৱে দাবী জনাব বুলি সভাত উপস্থিত সকলোৱে মতপোষণ কৰে।

-জিয়াৰুল আলম, বিলাসীপাৰা

Leave A Reply