Breaking

কলিয়াবৰ প্ৰেছ ক্লাৱৰ বিশেষ পদক্ষেপ

0 1,032

 উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সমবায় খণ্ডৰ একমাত্ৰ এসময়ৰ লাভজনক উদ্যোগটোৱে বিগত প্ৰায় দুবছৰ ধৰি অদক্ষ পৰিচালনা, অদূৰদৰ্শী সিদ্ধান্ত তথা গ্ৰহনীয় কিছুমান নীতিৰ বাৱেই লোকচানৰ সন্মুখীন হৈ আহিছে। বৰ্তমান কলটোৱে মৰাপাট যোগনিয়াৰ সকলক অনাদায় হৈ থকা ধনৰ পৰিমাণ প্ৰায় ১১ কোটি টকা।
কলটোৰ আৰ্থিক দুৰৱস্থাৰ সময়ত তদানীন্তন বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১০ কোটি টকা সাহায‍্যৰ কথা ঘোষণা কৰিছিল। ঘোষণাৰ পাছতেই এই বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা কলটোৰ উৎপাদন কাৰ্য‍্য আৰম্ভ হৈছিল যদিও দীৰ্ঘদিনীয়া নহ’ল। আৰ্থিক সংকট আৰু কৰ’নাৰ বাবে যোৱা দুমাহতকৈও অধিক কাল কলটো বন্ধ হৈ আছে। ১০ কোটি টকাৰ সাহাৰ্য‍্য বিষয়টোও কোনো অগ্ৰগতি লাভ নকৰাৰ ফলত গভীৰ অনিশ্চয়তাৰ দিশে সমবায় খণ্ডৰ সহস্ৰাধিক লোকৰ সংস্থাপনৰ কেন্দ্ৰ অসম সমবায় মৰাপাট কলটো।
কিন্তু ৰাজ‍্য চৰকাৰৰ যোৱা ১৬ জুলাই তাৰিখে বিধান সভাত উত্থাপন হোৱা ২০২১-২০২২ বৰ্ষৰ বাজেটত কলটোৰ আন্তঃগাঠনি নিৰ্মাণৰ বাবে ৮ কোটি টকা ধাৰ্য‍্য কৰিছে। ফলস্বৰূপে কলটোৰ ভৱিষ‍্যতক লৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি অনুভৱ কৰিছে কল কৰ্মী, কৰ্তৃপক্ষ তথা কলিয়াবৰীয়া ৰাইজে। আনহাতে, পূৰ্বে ঘোষণা কৰা ১০ কোটি টকাৰ সাহৰ্য‍্য লাভ কৰাৰ পথ এতিয়াও প্ৰশস্ত হৈ আছে বুলি মৰাপাট কলটোৰ পৰিচালন মণ্ডলীৰ অধ‍্যক্ষ মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিছে।
শনিবাৰে নিশা কলিয়াবৰ প্ৰেছ ক্লাৱৰ জখলাবন্ধাৰ কাৰ্য‍্যালয়ত মন্ত্ৰী কেশৱ মহন্তৰে হোৱা কলিয়াবৰৰ সংবাদসেৱীসকলৰে হোৱা এক বিশেষ বৈঠকত কলটোৰ ভৱিষ‍্যতৰ বিষয়টো আলোচিত হয়। ইতিমধ‍্যে, কলিয়াবৰৰ অন‍্যতম সম্পদ মৰাপাট কলটোৰ চলি অহা অচলাৱস্থা দূৰ কৰিবলৈ কলিয়াবৰ প্ৰেছ ক্লাৱে কল প্ৰৱন্ধন কৰ্তৃপক্ষ আৰু কল কৰ্মী সন্থাৰে পৃঠকে-পৃঠকে আলোচনাত মিলিত হৈছিল। শনিবাৰে নিশা মন্ত্ৰী কেশৱ মহন্ত তথা কল পৰিচালন মণ্ডলীৰ অধ‍্যক্ষ কেশৱ মহন্তৰ সৈতে কলটোৰ অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া প্ৰয়োজনীয় ব‍্যৱস্থা আৰু পৰিকল্পনাৰ বিষয়ে এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। স্মাৰক পত্ৰত সন্নিবিষ্ট বিষয়সমূহ খৰচি মাৰি আলোচনা কৰাৰ লগতে বিষয়সমূহৰ ওপৰত যাৱতীয় ব‍্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। কলটো যাতে অনাগত দিনত সুকলমে চলে এই ক্ষেত্ৰত স্মাৰক পত্ৰত সন্নিবিষ্ট বিশেষজ্ঞ সমিতিৰ দ্বাৰা তদন্ত কৰাৰ ব‍্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে।
কলটো পুনৰ চলোৱাৰ ক্ষেত্ৰত সমবায় মন্ত্ৰী অতুল বৰাকে ধৰি ৰাজ‍্য চৰকাৰৰ কলটোৰে সংলগ্ন কেইবাটাও বিভাগৰ লগত হোৱা আলোচনা মৰ্মে ঐক‍্য মতত উপনীত হৈছে। তথাপিও কলটোৰ উৎপাদনৰ কাৰ্য‍্যৰ আনুসঙ্গিক কাৰিকৰী বিষয়বোৰ তন্ন-তন্নকৈ পৰীক্ষা কৰি অনতি পলমে ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ কাম-কাজ চলি আছে। যাতে অদূৰ ভৱিষ‍্যতে কলটোৰ কোনো হানি-বিঘিনি নোহোৱাকৈ চলাই নিব পাৰি। এই ক্ষেত্ৰত কলিয়াবৰ প্ৰেছ ক্লাৱ আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ভূমিকাৰ কথাঐ উল্লেখ কৰে।
কলিয়াবৰ প্ৰেছ ক্লাৱৰ অসম সমবায় কলটো পুনৰ উৎপাদনমুখী কৰাৰ স্বাৰ্থত লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে।

Leave A Reply