Breaking

মানুহে মানুহৰ বাবেঃ বিশেষভাৱে সক্ষম পুতুলী হাজৰিকাক দিলে হুইল চেয়াৰ…

0 31

মঙলদৈ পুণিয়াৰ পকাবাঙিপাৰাৰ এগৰাকী অবিবাহিত মহিলা পুতুলী হাজৰিকা। উপজাৰে পৰা পুতুলী হাজৰিকাৰ সোঁভৰি আৰু সোঁহাতখন অচল। লাখুঁটিৰ সহায়ত তেওঁ বাওঁ ভৰিৰে চলা ফুৰা কৰিছিল। বিশেষভাৱে সক্ষম হৈয়ো কাৰো ওচৰত নিৰ্ভৰ নহৈ তেওঁ তাঁতশালত কাপোৰ বৈ সেইবোৰ বিক্ৰীৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছিল। প্ৰায় ৬০ বছৰ বয়সীয়া এই মহিলা গৰাকী আজি দুমাহৰ পৰা নৰিয়াত পৰিছে। ভতিজাক পিংকু হাজৰিকাই পেহীয়েকক ধৰি শৌচ পেচাব কৰোৱাইছে, আলপৈচান ধৰি এক অনন্য নিদৰ্শন দেখুৱাইছে। এই পুতুলী হাজৰিকাৰ ঘৰত আজি উপস্থিত হ’ল মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে, দৰং, অসম’ৰ সদস্য সকল।

তেওঁলোক উপস্থিত হৈ পুতুলী হাজৰিকাক দিলে এখন হুইল চেয়াৰ। জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ ড০ বি পি চাৰাফৰৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে মানৱদৰদী ব্যক্তি মুকেশ আগৰৱালা আৰু জুনমণি দেউৰীয়ে কোনোবা দূৰ্গতৰ সহায় হোৱাকৈ ‘মানুহে মানুহৰ বাবে, দৰং, অসম’ৰ সম্পাদক জিতুমণি চহৰীয়াৰ হাতত তুলি দিছিল এখন হুইল চেয়াৰ। এই হুইল চেয়াৰ খন আজি পুতুলী হাজৰিকাক প্ৰদান কৰে সংগঠনটোৱে। আনহাতে এই অনুষ্ঠানত ৰেডক্ৰছ চচাইটি দৰং জিলা সমিতিৰ কোষাধ্যক্ষ জয়ন্ত শৰ্মাই পুতুলী হাজৰিকাক বাচন বৰ্তন, চাবোনকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদান কৰে। এই উপলক্ষে পুতুলী হাজৰিকাৰ চোতালত হোৱা চমু অনুষ্ঠানত পকাবাঙিপাৰা গাঁও উন্নয়ন সমিতিৰ সদস্য তথা কৃতি শিক্ষক পবিত্ৰ হাজৰিকাই এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মানুহে মানুহৰ বাবে, দৰং, অসম আৰু ৰেডক্ৰছ চচাইটিক কৃতজ্ঞতা জ্ঞাপন কৰে।

মানৱতাবাদী সংগঠনটোৰ সাধাৰণ সম্পাদক গণেশ দত্তই আঁত ধৰা এই চমু অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কাননগো গোলোক বৰা, পশু চিকিৎসক ডাঃ ভূপেন চহৰীয়া, ভেবাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাৰতী শৰ্মা, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক শশাংক হাজৰিকা, মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিনতি হাজৰিকা, সংগঠনটোৰ উপসভাপতি এনী ভূঞা ডেকা, শেখৰ মজুমদাৰ, সম্পাদক জিতুমণি চহৰীয়া, সহকাৰী সম্পাদক জয়প্ৰকাশ শৰ্মা, সদস্য জিতুমণি হাজৰিকা, তৃষ্ণা হাজৰিকা, জয়ন্ত শৰ্মা, প্ৰদীপ চন্দ্ৰ দাসকে ধৰি কেইবাজনো স্থানীয় লোক উপস্থিত থাকে। সংগঠনটোৰ এনে পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

Leave A Reply