২৮ জুন_ SPM ।SPM IAS ACADEMY, Zoo Road । ৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানকে ধৰি আন কেইবাটাও প্ৰতিষ্ঠানে বিশাল মাত্ৰাত জিএছটি ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে অসমৰ জিএছটি বিভাগে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।
SPM IAS Academy । অসমৰ জি এছ টি বিভাগে বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত ভুৱা চালানৰ ৰেকেট চিহ্নিত কৰি সেই মতে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে এই সংক্ৰান্তত বহু লোক গ্ৰেপ্তাৰো হৈছে। APSC Coaching in Guwahati । UPSC Coaching in Guwahati । শেহতীয়াকৈ ৰাজ্যৰ একাংশ ক’চিং চেণ্টাৰৰ বিৰুদ্ধেও কৰ ফাঁকিৰ লগতে জিএছটি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। SPM IAS Academy । APSC Coaching in Assam ।

ৰাজ্যৰ লগতে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীক এপিএছচি আৰু ইউপিএছচিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ নামত একাংশ প্ৰতিষ্ঠানে কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে যদিও চৰকাৰক কৰ আদায় দিয়াৰ ক্ষেত্ৰত কাৰ্পণ্য কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ মহানগৰীৰ এছপিএম আইএএছ একাডেমীৰ বিৰুদ্ধেও অনুৰূপ বিসংগতি থকাৰ সন্দেহ ব্যক্ত কৰিছে বিশেষ মহলে। জিএছটি বিভাগৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে এছপিএম আইএএছ একাডেমীয়ে কোটি কোটি টকা ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি চৰকাৰক দিব লগা জিএছটিৰ ধনো আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। আৰু এই বিষয়ত তথ্যপাতি পৰীক্ষা কৰি থকা হৈছে বুলি জিএছটি বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিছে। বিশেষ সূত্ৰে জানিব পৰা মতে ২৫ জুনৰ আবেলি অসম জিএছটিৰ এটা অভিযানকাৰী দলে এছপিএম আইএএছ একাডেমীৰ কাৰ্যালয়ত আচম্বিতে তালাচী চলায়।


ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলোৱা তালাচী অভিযানৰ সময়তে অসম জিএছটি বিভাগৰ দলটোৱে এছপিএম আইএএছ একাডেমীৰ চাৰ্টাৰ্ড একাউণ্টেটক মতাই আনি সকলো কাগজ-পত্ৰ পৰীক্ষা কৰি নানান বিসংগতিৰ উমান লাভ কৰে। ইয়াৰ পিছতে অসম জিএছটিৰ দলটোৱে এছপিএম আইএএছ একাডেমীৰ পৰা বহুতে গুৰুত্বপূৰ্ণ নথি-পত্ৰও জব্দ কৰি নিয়া বুলি জানিব পৰা গৈছে। এছপিএম আইএএছ একাডেমীয়ে কোটি কোটি টকা সংগ্ৰহ কৰি জিএছটিৰ ধন আত্মসাৎ কৰা দলটোৱে তথ্য সংগ্ৰহ কৰিছে। উল্লেখ্য যে অসমৰ জিএছটি বিভাগে এছপিএম আইএএছ একাডেমীৰ ভিতৰ চ’ৰাত হৈ থকা কৰ সম্পৰ্কীয় খেলিমেলিৰ অভিযোগ বিভিন্নজনৰ পৰা লাভ কৰাৰ পিছতে তালাচী অভিযান চলাইছিল। অভিযোগ অনুসৰি এছপিএম আইএএছ একাডেমীয়ে সময় মতে আৰু সঠিকভাৱে জিএছটি আদায় নিদি সেই ধন নিজৰ কামত ব্যৱহাৰ কৰিছিল।

সকলো কথা স্পষ্ট হ’ব জিএছটি বিভাগৰ সঠিক তদন্তৰ পিছতহে। সূত্ৰটোৱে লগতে কয় যে এছপিএম আই এ এছ একাডেমীয়ে অসমৰ জিএছটি বিভাগক অগ্ৰীম হিচাপে ৩০ লাখ টকা আদায় দিছে। উল্লেখ্য যে একাডেমীখনে ৩০ লাখ টকা আদায় দিলেও তেওঁলোকৰ কৰ পৰিশোধৰ প্ৰক্ৰিয়াটো শেষ হোৱা বুলি ধৰিব নোৱাৰি বুলিও সূত্ৰটোৱে কয়। সূত্ৰটোৱে লগতে কয় যে যাৱতীয় তথ্যপাতি পৰীক্ষাৰ অন্ততহে এছপিএম আইএএছ একাডেমীয়ে কিমান টকাৰ জিএছটি আদায় দিবলৈ বাকী আছে সেয়া স্পষ্ট হ’ব। ইপিনে এছপিএম আইএএছ একাডেমীয়ে জিএছটি আদায়তেই যদি হেমাহি কৰিছে তেন্তে আয়কৰ পৰিশোধৰ ক্ষেত্ৰতো তেনে কিবা বিসংগতি থাকিব পাৰে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে।

প্ৰকৃত তথ্য পোহৰলৈ আহিব সঠিক তদন্তৰ পিছতহে। এছপিএম আইএএছ একাডেমীয়ে জিএছটি আদায় দিয়াৰ ক্ষেত্ৰত যদি গাফিলতি কৰিছে তেন্তে সেয়া চিন্তনীয় বিষয় বুলি বহুতে মন্তব্য কৰা পৰিলক্ষিত হৈছে। একাংশ লোকে এইবুলি কৈছে যে এপিএছচি, ইউপিএছচিৰ বাবে প্ৰস্তুত কৰা শিক্ষাৰ্থীসকলক সমাজৰ ধৰণীস্বৰূপ।

যদি সমাজৰ ধৰণীস্বৰূপ তেনে শিক্ষাৰ্থীক গঢ় দিয়া প্ৰতিষ্ঠানেই চৰকাৰক সময় মতে কৰ আদায় দিয়াত গাফিলতি কৰে তেন্তে সেয়া চিন্তনীয় বিষয় বুলি বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে। মেকুৰীৰ ডিঙিত কেৱল অসমৰ জিএছটি বিভাগেহে টিলিঙা আঁৰিব পাৰিব বুলিও বহুতে আলোচনা কৰিছে। উল্লেখ্য গুৱাহাটী মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া কাঠফুলাৰ দৰে গজি উঠিছে এপিএছচি, ইউপিএছচিৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান।

শেহতীয়াকৈ এফিনিটি ক্লাছেছৰ স্বত্বাধিকাৰ পৱন হাজৰিকাই তেনে প্ৰতিষ্ঠানৰ আন অংশীদাৰৰ সৈতে হোৱা ব্যৱসায়িক সংঘাতৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। সেই ঘটনাৰ আলম লৈয়েই এতিয়া বহুতে গুৱাহাটীৰ ক’চিং চেণ্টাৰসমূহৰ বিষয়ত চৰকাৰে এক বিশদ তদন্ত চলোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে। কৰ ফাঁকি, জিএছটিৰ ধন আত্মসাৎ কৰি ৰাজ্যৰ ৰাজকোষ নিশকতীয়া কৰাৰ অপৰাধত ক’চিং চেণ্টাৰৰ কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে একাংশ সচেতন মহলে। উল্লেখ্য যে এইক্ষেত্ৰত অসম চৰকাৰে ক’চিং চেণ্টাৰটোৰ বিৰুদ্ধে কেনে ধৰণৰ শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰে সময়লৈ অপেক্ষা কৰিব লাগিব।
