ওদালগুৰি জিলাৰ মাজবাট মহাবিদ্যালয়ত বুৰঞ্জী আৰু অৰ্থনীতি বিভাগৰ উদ্যোগত ‘স্পোকেন ইংলিছ’ কোৰ্চৰ শুভাৰম্ভ কৰা হয় । বিশেষকৈ ছাত্ৰ- ছাত্ৰীসকলৰ ইংৰাজী কথা কোৱাৰ ক্ষেত্ৰত যি অসুবিধা লাভ কৰে তাক দূৰ কৰাৰ উদ্দেশ্যে এই কোৰ্চ আৰম্ভ কৰা হয় । তদুপলক্ষে মহাবিদ্যালয়ত পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন চৌধুৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

সভাত বুৰঞ্জী বিভাগৰ অধ্যাপক গোপাল দাহালে উদ্দেশ্য ব্যাখ্যা কৰে। সভাপতিক আদৰণি জনায় অধ্যাপিকা দীপ্তি দেৱীয়ে। অৰ্থনীতি বিভাগৰ অধ্যাপক ড° ভাস্কৰ বৰঠাকুৰে ইংৰাজী ভাষাৰ গুৰুত্ব ছাত্ৰ- ছাত্ৰী সকলৰ আগত আলোকপাত কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ কুমাৰ শৰ্মাই ছাত্ৰ -ছাত্ৰীক যথেষ্ঠ অনুপ্ৰেৰণা যোগায়। উক্ত সভাত মিনতি পাটোৱাৰী , QAC সমন্বয়ক জয়ন্ত কলিতা আৰু দীপ্তি দেৱীৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰফুল্ল দেৱ শৰ্মা, মানস কলিতা আদি অধ্যাপক- অধ্যাপিকাও উপস্থিত থাকে ।
নব কুমাৰ ডেকা

