গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা পবিতৰা অভিমুখী চাইকেল ৰেলীৰ ফ্লেগ অফ্ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই

বিশ্বজুৰি উদযাপিত হ’বলগীয়া ‘বিশ্ব পৰ্যটন দিৱস’ৰ সৈতে সংগতি ৰাখি আজি পুৱা গুৱাহাটীৰ দীঘলীপুখুৰীৰপৰা পবিতৰা অভিমুখী এটি চাইকেল ৰেলীৰ ফ্লেগ অফ্ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা আয়োজিত এই চাইকেল ৰেলীৰ উদ্দেশ্য হৈছে ৰাজ্যৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নত পৰ্যটনৰ ভূমিকাক উদযাপিত কৰা।উক্ত চাইকেল ৰেলীত অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ শ্ৰী নৱদ্বীপ কলিতা , পৰ্যটন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বহু উৎসাহী চাইক্লিষ্টসকলে অংশগ্ৰহণ কৰে।

Related Articles