মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দৌৰবিদ হিমা দাসৰ সহায়ৰ হাত …

জনতা ভৱনত আজি দৌৰবিদ শ্রীহিমা দাসৰ সৈতে এক বার্তালাপত মিলিত হয় মুখ্যমন্ত্রী । সাক্ষাৎকালত বাৰ্মিংহামত অলপতে অনুষ্ঠিত কমনৱেলথ গেমছত অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। এই দিশত অষ্ট্ৰেলিয়াত ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে কঠোৰ অনুশীলনৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্রী তৰফৰ পৰা সকলো সহায়ৰ আশ্বাস প্রদান কৰে।

ইয়াৰ লগতে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্রীয়ে। এই সহায়ে আমাক দুখ-কষ্টৰ সন্মুখীন হোৱা মানুহৰ পৰিস্থিতিক লাঘৱ কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব বুলি কয় মুখ্যমন্ত্রীয়ে ।

Related Articles